পৃষ্ঠা:পদ্মনাভাদি চৰিত.djvu/৪

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

পাতনি।

 আমাৰ পূৰ্ব্বপুৰুষ সকলৰ এখনি বিবৰণ লেখিবৰ কাৰণ আমাক আমাৰ বংশীয় জনদেউকে আৰু শিষ্য জন দেউকেই অনেক দিনৰ পৰাই উদগাই আছিল। কিন্তু আমি সিমান লাগতিয়াল যেন নেদেখি আওকান কৰি আছিলো। উপৰি পুৰুষ সকলৰ সাঙ্গোপাঙ্গ বিবৰণ পাবলৈকো বৰ্ত্তমান অনেক অসুবিধা দেখোতে দেখোতেই প্ৰায় বৃদ্ধলোকে মৰ্ত্যধাম পৰিহাৰ কৰিলে। আহোম ৰজাৰ দিনত যি বিলাক অসমীয়া ভাষাৰ বুৰঞ্জী আছিলে, অধিকাংশ বুৰঞ্জী ৰাজেশ্বৰ সিংহ ৰজাৰ দিনতে এজন ৰাজপুৰুষৰ অনুগ্ৰহত অগ্নিত সৎকাৰ হ’ল। যি এখন দেশত আছে তাকো সুবিধা মতে পাব নোৱাৰি।

 এই কাৰণেই অনেক ভদ্ৰলোকৰ আতি-গুৰি ভালকৈ কব নোৱাৰাত পৰিছেহি। আমাৰ উপৰি পুৰুষ সকলৰো এই দশাই বুলিব লাগে। বদনচন্দ্ৰ বৰ ফুকনৰ কৃপাত মাণে তিনিবাৰ আসাম লুট পাট কৰে, সেই বিপ্লৱতে আমাৰ পুৰণা চিন সকলো লোপ পায়। এতিয়া আমাক সাধাৰণ বামুণৰ লগত ঠাই দিলেও অবস্থাই আমাক ঠাই লবলৈ বাধ্য কৰিছে। একমাত্ৰ দয়াময়ী জগদম্বাৰ কৃপাত অতীজৰ শ্ৰোত্ৰিয় সূচক ভট্টাচাৰ্য্য আৰু আসাম ৰাজদত্ত গোস্বামী পদপিটীয়ে মাথোন অলপ উচ্চ কৰি ৰাখিছে।