পৃষ্ঠা:পদ্মনাভাদি চৰিত.djvu/৪১

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে

শেষ কৰাৰ পাচত তত্ৰত্য পতিত সকলে মথুৰানাথক তৰ্কালঙ্কাৰ উপাধি দিয়ে। মথুৰানাথ গোস্বামীয়ে দিলিহাল ভট্টাচাৰ্য্য কৃষ্ণনাথৰ দুহিতৃ ধনেশ্বৰীক বিবাহ কৰায়। কৃষ্ণনাথৰ দুহিতৃ হলেও এই কন্যাক নিজ কন্যা ৰূপে নাতী গোসঁয়ে বিবাহ দিয়ে। মথুৰানাথ গোস্বামীযে যোৰহাটৰ কুহুম যোগনীয়া গাৱঁত বসতি কৰে। মথুৰানাথৰ পুত্ৰ তিনিজন, ১ম ৰামচন্দ্ৰ, দ্বিতীয় কৃষ্ণচন্দ্ৰ, তৃতীয় পূৰ্ণচন্দ্ৰ। ৰামচন্দ্ৰ কৃষ্ণচন্দ্ৰ নিঃসন্তান। পূৰ্ণচন্দ্ৰই জালকুৰিয়া ভবনাথ মহন্ত দুহিতৃ চিত্ৰদেবীক বিবাহ কৰায়। পূৰ্ণচন্দ্ৰৰ পুত্ৰ হৰিচন্দ্ৰ; হৰিচন্দ্ৰ গোস্বামী ৫৬ বছৰ বয়স ১৮৩৩ শকত ভাদ্ৰ মাহত সজ্ঞানে অভীষ্ট দেবতাৰ নাম উচ্চাৰণ কৰি পৰলোক হয়। ত’ৰ পুত্ৰ শ্ৰীঅচ্যুতচন্দ্ৰ আদি তিনিজন। দশৰথ ভট্টাচাৰ্যৰ সহিত কনৌজৰ পৰা অহা বৈদিক ব্ৰাহ্মণ দুই জনৰ সন্ততি বিস্তীৰ্ণৰূপে আছে। ঘণ্টাকৰ্ণৰ সন্ততি বৰ্তমান সাঁৰ চক্ৰবৰ্ত্তী নামে প্ৰসিদ্ধ হৈছে। কৃপাময় জনন সন্ততি সকলৰ দিগম্বৰ ঠাকুৰ নাম হৈছে। আমাৰ ৰজাৰ দিনত দিগম্বৰ নামে এজন শিব আছিল, কৃপাময়ৰ এজন সন্তুতি সেই শিব পূজক হোৱা বাবেই সেই নামেই প্ৰসিদ্ধ হল।


অন্ত