পৃষ্ঠা:পদ্মনাভাদি চৰিত.djvu/৪০

ৱিকিউৎসৰ পৰা
নেভিগেশ্যনলৈ যাওক সন্ধানলৈ যাওক
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

৩২
পদ্মনাভাদি চৰিত।

অবস্থাত এইজনা গোসাঁয়ে নবম্যাদিকল্প আরু প্ৰতিগদাদি কল্পৰ পৰা শাৰদীয় দুৰ্গা পূজা কৰিছিল। এই জনাই উপাস্য দেবতাৰ মহাপুৰশ্চৰণ কৰিছিল। দেবগৃহ প্ৰতিষ্ঠা, বৃহদামান্ন, জলাসায়োৎসৰ্গ, ব্ৰহ্মপ্ৰতিষ্ঠা, গঙ্গাদিতীৰ্থ দৰ্শন কাৰ্য্য, বৃষোৎসৰ্গাদি অনেক সৎকাৰ্য্য কৰিছিল। বৃদ্ধঅবস্থাতো শীতকালত শীতল জলেৰেই স্নান কৰিছিল। ত’ৰ সমান শাস্ত্ৰজ্ঞ ব্যক্তি বৰ্ত্তমান সময়ত নাই বুলিলেই হয়। বুদ্ধি তীক্ষ্ণতা বাবে ভ্ৰমশূন্য সিদ্ধান্ত কৰিব পাৰিছিল। জেষ্ঠ সকলৰ সহিত বিভক্ত হৈ দেবগ্ৰামৰ পৰা কুড়াল গুৰিত বসতি কৰে। সেই ঠাইতে বিনাশ্ৰমে পৰবিদ্যাৰ কৃপাত অনেক সম্পত্তি উপাৰ্জ্জন কৰে। শেষৰ বৃদ্ধ আৰু জ্ঞানী গোসাঁই বুলি অনেকৰ পূজ্য হৈছিল। নিৰ্বিবাদে জীবন যাত্ৰা নিৰ্ব্বাহ কৰি ৮৫ বছৰ বয়সত ১৮২১ শকত সজ্ঞানে মানব দেহ এৰি দেবত্ব লাভ কৰে। এইজনা গোসাঁইত পৰবিদ্যাৰ বিশেষ অনুগ্ৰহ থকাৰ চিন পোৱা যায়। এইজনাতে মহাপুৰুষ পদ্মনাভ গোস্বামীৰ প্ৰপৌত্ৰৰ শেষ হয়।

 ধৰ্ম্মেশ্বৰ গোসাঁইৰ পঞ্চম বা কনিষ্ঠপুত্ৰ মথুৰানাথ, কনিষ্ঠ পুত্ৰত সকলোৰে আদৰ বেচি। ধৰ্ম্মেশ্বৰে মথুৰানাথক নবদ্বীপত থৈ পঢ়াইছিল। নবদ্বীপত পাঠ