সমললৈ যাওক

পৃষ্ঠা:পদ্মনাভাদি চৰিত.djvu/৪২

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

ওপৰঞ্চি।

 আমালোকৰ দীক্ষাগ্ৰহণ পদ্মনাভিৰ পৰা এতিয়ালৈকে পিতৃ আৰু সহোদৰ ভিন্ন মন্য সপিণ্ডতে হয়। অপৰত দীক্ষিত হবলৈ আসামত আমাৰ পন্থৰ লোক একেবাৰেই নাই। আমাৰ নাৰায়ণ আদি প্ৰপিতামহ তিনিউ জনৰ দিনত গুৰু যোগ্য সপিণ্ড নোহোৱা বাবে দীক্ষাগ্ৰহণত একপ্ৰকাৰ বাধাই হৈছিলে। কিন্তু, সিবোলাকৰ ভাগ্যে হঠাৎ সন্ন্যাসী ৰামৰূদ্ৰই দেখাদি তিনিউ জনক নি কামাখ্যা পীঠত দীক্ষিত কৰিলে। তাৰ পৰা আৰু দীক্ষাত গোলমাল হোৱা নাই।

 সপিণ্ডৰ মান্যজনৰ বাহিৰে অসপিণ্ডৰ শ্বশুৰাদিক পঞ্চাঙ্গ প্ৰণাম কৰা আমাৰ নিয়ম নহয়। শ্বশুৰাদি মান্য ব্যক্তিক বিনীত ভাবে নমস্কাৰ কৰাহে নিয়ম। ষোঢ়া ন্যাসত অভ্যস্তজনে সপিণ্ডৰ মান্য জনকো আচৰণ বুজিহে প্ৰণাম কৰিব লাগে।

ইতি—শক ১৮৩৪। ২৪ শ্ৰাবণ।
শ্ৰীকীৰ্ত্তিচন্দ্ৰ গোস্বামী বিদ্যাভূষণ।
⸻৹⸻