পৃষ্ঠা:পদ্মনাভাদি চৰিত.djvu/৩৯

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৩১
পদ্মনাভাদি চৰিত।

গৌৰীনাথ গোস্বামীৰ পুত্ৰ তিনিজন, ১ম শ্ৰীকণ্ঠদেব, ২য় লক্ষ্মীনাৰায়ণ, তৃতীয় পূৰ্ণানন্দ। শ্ৰীকণ্ঠদেবে মহেশ্বৰ আধাৰমহন্তৰ দুহিতৃ দময়ন্তীক বিবাহ কৰায়, ত'ৰ পুত্ৰ দুইজন। প্ৰথম গোপালচন্দ্ৰ দ্বীতিয় ভগবান- চন্দ্ৰ গোপালচন্দ্ৰই কমলেশ্বৰ শৰ্ম্মা বাপুবৰুৱাৰ দুহিতৃ ৰত্নেশ্বৰীক বিবাহ কৰায়। গোলচন্দ্ৰৰ পুত্ৰ চাৰিজন, প্ৰথম শ্ৰীকৃষ্ণচন্দ্ৰ দ্বিতীয় ৺শোভনচন্দ্ৰ তৃতীয় শ্ৰীনিবাস- চন্দ্ৰ, ৪ৰ্থ মৃত্যুঞ্জয়। গোপালচন্দ্ৰ সাধুপুৰুষ ১৮১২শকত অৰ্দ্ধোদয় যোগ তীৰ্থলৈ গৈ ৺ কাশীধামত শিবত্ব লাভ কবে। ভগবানচন্দ্ৰ নিঃসন্তান। লক্ষ্মীনাৰায়ণে ন্যায়বাগীশৰ যদুৰামৰ দুহিতৃ ৰত্নীক বিবাহ কৰায়। লক্ষ্মীনাৰায়ণৰ পুত্ৰ তিনিজন, প্ৰথম শ্ৰীপুৰন্দৰ, দ্বিতীয় ব্ৰজনাথ, তৃতীয় হৰিনাৰায়ণ। পুৰন্দৰৰ পুত্ৰ শ্ৰীহৰেশ্বৰ আদি চাৰিজন। ব্ৰজনাথৰ শ্ৰীকালীকৃষ্ণ আদি দুইজন।

 পূৰ্ণানন্দ গোস্বামীয়ে বাঘবাচাৰ লক্ষ্মীনাথৰ দুহিতৃ হৈমবতীক বিবাহ কৰায়। এই জনাৰ পুত্ৰ তিনিজন, ১ম কীৰ্ত্তিচন্দ্ৰ, ২য় শ্ৰীচন্দ্ৰনাথ, ৩য় জগৎ- চন্দ্ৰ। কীৰ্ত্তিচন্দ্ৰৰ বিষ্ণুচন্দ্ৰ আদি পুত্ৰ ৫ জন, চন্দ্ৰনাথৰ প্ৰতাপচন্দ্ৰ আদি পুত্ৰ তিনিজন, ৺পূৰ্ণানন্দ গোস্বামী দেবতানুগৃহীত পুৰুষ, মৃত্যুকাল পৰ্য্যন্ত নিত্য

নৈমিত্তিক ক্ৰিয়া ৰীতিমতে কৰিব পাৰিছিল। শেষ