পৃষ্ঠা:পদ্মনাভাদি চৰিত.djvu/৩৬

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

২৮
পদ্মনাভাদি চৰিত।


য়শ গোস্বামীয়ে সেই বিচ্ছেদ শোকতে বিজয়াদশমীৰ দিনা ভগবতীৰ বিসৰ্জনৰ পাচত অলপ দূৰত অজ্ঞান হৈ সজ্ঞানে নশ্বৰ দেহ পৰিত্যাগ কৰি অনন্তধামত লীন হয়। নাৰায়ণৰ এক মাত্ৰ পুত্ৰ চন্দ্ৰশেখৰ গোস্বামী; এই জন গোসাই দেশ ভগণত জন্মহোৱা বাবে সাধাৰণে এই জনাক ভগনি গোসাই বুলিছিল। এই জনাৰ শিশু কালতে পিতৃ বিয়োগ হোৱা বাবে পিতৃব্য দুই জনাই অনেক স্নেহ আৰু যত্ন কৰি পঢ়ায়। ব্যাকৰণ সাহিত্যত ভাল ব্যুৎপত্তি হোৱাত বুড়া গোহাঞিৰ নবৰত্নৰ পণ্ডিত সকলে পৰীক্ষা কৰে। নবৰত্ন পণ্ডিত সকলৰ বাচনি মত বুড়া গোহাঞি ডাঙ্গৰীয়াই খৰছ দি চন্দ্ৰশেখৰক নবদ্বীপলৈ পঠায়। তেতিয়া তেওঁৰ বয়স কুৰি বছৰ মান হে হব। এক মাত্ৰ পুত্ৰৰ স্নেহত মাতৃ দেবী সাবিত্ৰীও লগতে নবদ্বীপলৈ যায়।

 নবদ্বীপলৈ যোৱাৰ পূৰ্ব্বেই পিতৃব্য দুইজনৰ অনু- মোদন মতে কালিন্দী আৰু উত্তৰা দুইজনী বায়েকক বিবাহ দিয়ে। কালিন্দী দেবীক উত্তৰ লখীমপুৰৰ মাহ- ৰাৰ বাসুদেব গোস্বামীলৈ বিবাহ দিয়ে। সেই কালিন্দী দেবীৰ পুত্ৰ তূতপূৰ্ব্ব, আউণী আটি সত্ৰৰ ৺দেবদত্ত অধিকাৰ গোস্বামী আৰু ৺ধৰ্ম্মেশ্বৰ ডেকা গোস্বামী। এতিয়া কালিন্দী দেবীৰ পুত্ৰ সস্ততি সংসাৰত নাই; কিন্তু দুহিতৃৰ সন্ততি আছে। উত্তৰ দেৰীক অগমা-