পৃষ্ঠা:পদ্মনাভাদি চৰিত.djvu/৩৭

ৱিকিউৎসৰ পৰা
নেভিগেশ্যনলৈ যাওক সন্ধানলৈ যাওক
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে

২৯
পদ্মনাভাদি চৰিত।

চাৰ্য্যৰ শিশুকান্ত বৰুৱালৈ বিবাহ দিয়ে। উত্তৰাৰ পুত্ৰ সন্ততি আরু দুহিতৃ সন্ততি বৰ্ত্তমান আছে।

 চন্দ্ৰশেখৰ গোস্বামীয়ে নবদ্বীপত স্মৃতি আৰু দৰ্শন অধ্যায়ন কৰে। স্নেহময়ী জননীৰ সেই পবিত্ৰ গঙ্গা তীৰত দেহাবসান হয়। তদীয় সৎ পুত্ৰই তাতেই সপিণ্ডীকৰণ পৰ্যন্ত্য ঔৰ্দ্ধ দেহিক ক্ৰিয়া শেষ কৰে। নবদ্বীপত পণ্ডিত মণ্ডলীয়ে চন্দ্ৰশেখৰক সিদ্ধান্ত বাগীশ উপাধিৰে ভূষিত কৰে। নবদ্বীপতে চন্দ্ৰশেখৰে স্মৃতিতত্ত্ব আরু স্মৃতি বিবেকৰ অনেক পুথি লেখি আনে। নবদ্বীপত পাঠ সমাপ্ত কৰি কাশীত বেদান্ত দৰ্শন অধ্যয়ণ কৰে। বেদান্ত দৰ্শনৰ পাঠ শেষ কৰি প্ৰয়াগাদি তীৰ্থ পৰ্য্যনান্তে নিজৰ দেশলৈ আহে।

 এই জনাৰ বিবাহ প্ৰায় চল্লিছ মান বয়সত হে হৈছিল। মাহৰাৰ বাসুদেব গোস্বামীৰ অপৰ পত্নীৰ দুহিতৃ সুৰেশ্বৰীৰ স'হত চন্দ্ৰ শেখৰৰ বিবাহ হয়। চন্দ্ৰশেখৰৰ একমাত্ৰ পুত্ৰ ৰামচন্দ্ৰ, ৰামচন্দ্ৰৰ শৈশব কালতে মাতৃ বিয়োগ হয়। পত্নী বিয়োগৰ পাচত চন্দ্ৰশেখৰে শিশু পুত্ৰক বায়েক কালিন্দী দেবীৰ লগত থৈ পুনঃ গঙ্গাদি তীৰ্থ পৰ্য্যটন কৰে। ৰামচন্দ্ৰক উপনীত কৰি লগত লৈ অনেক কাল গুৱাহটীৰ বেলতলা আদি ঠাইত কাল অতিবাহিত কৰে। ১৭৬৮ শকৰ ২৬ কাৰ্ত্তি