পৃষ্ঠা:পদ্মনাভাদি চৰিত.djvu/৩২

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

২৪
পদ্মনাভাদি চৰিত ৷

মত অধিক নহয়। নাতী গোসাঁইৰ মান মৰ্য্যাদা আৰু কৰাৰ নিয়ম পৰ্ব্বতীয়াৰ দৰেই।

 লক্ষ্মীসিংহ ৰজা ৰমানন্দ আচাৰ্য্যত শিষ্য হয়, ৰমানন্দ আচাৰ্য্যৰ পূৰ্ব্বপুৰুষ কাম্য কুব্জ সমাগত। কিন্তু, কনৌজৰ পৰা পোনেই আসামলৈ অহা যেন অনুমান নহয়। বঙ্গদেশৰ আদি শূৰ ৰজাই ৯৯৯ সম্বতৎ কনৌ- জৰ পৰা পাঁচ গোত্ৰৰ পাঁচ জন বৈদিক ব্ৰহ্মণ অনাই। পাঁচজন ব্ৰাহ্মণৰ ভিতৰত এজন ভৰদ্বাজ গোত্ৰৰ ব্ৰাহ্মণ আহে, সেই জনৰ সন্ততি কালক্ৰমে অসামলৈ আহে। ৰমানন্দৰ পূৰ্ব্বপুৰুষ বঙ্গ দেশৰ পৰা অহাৰ বিশেষ অনুমান এই যে, সিবোলাক বঙ্গ দেশীয় নাতী গোসাঁইৰ শিষ্য। বঙ্গদেশৰ পৰা নাহিলে বঙ্গ দেশীয় গুৰু হোৱা অসম্ভব। যৰ পৰাই আহোক ৰমানন্দ এজন শাস্ত্ৰত আৰু সদাচাৰী কৃতী পুৰুষ। এই জনাই জয়সাগৰ শিবদলত আচাৰ্য্য পদত অধিষ্ঠিত আছিলে। এই আচাৰ্য্যই লক্ষ্মী সিংহ ৰজাৰ অধ্যাপক, আৰু দুইৰো ভিতৰত সৌহৃদ্য আছিলে। লক্ষ্মী সিংহ ৰজা এই আচাৰ্য্যতে দীক্ষিত হয়, আৰু আচাৰ্য্যক ন গোসাই নাম দিয়ে।

 মাজালিৰ পহুমৰাত ঠাই দিয়া যাবে নগোসাঁইক পহুমৰীয়া গোসাঁয়ো বোলে। নগোসাই মান মৰ্য্যদা পৰ্ব্বতীয়াৰ স হত প্ৰায় তুল্য নগোসাঁইৰ বহা আসন