শিষ্য হব। ৰুদ্ৰসিংহ ৰজাৰ অনুমতি মতে সম্বৎসৰৰ পাচত শিবসিংহ ৰজাই কৃষ্ণৰাম ন্যায়বাগীশক আনি দীক্ষিত হয়। নীলাচল পৰ্ব্বতত থাকিবলৈ ঠাই দিয়ে; তদনুসাৰে পৰ্ব্বতীয়া গোসাই নাম হয়। উত্তৰ গুৱা- হাটীত অনেক মাটী ব্ৰহ্মোত্তৰ কৰি দিয়ে, শান্তিপুৰৰ সিমুলীয়াত পকাদালান কৰাই দিয়ে। সেই কালৰ পৰাই আসামত বঙ্গদেশীয় ব্ৰাহ্মণৰ গুৰু গৌৰব বৃদ্ধি হয়। বঙ্গদেশত পৰ্ব্বতীয়া গোসাঁইক “আসাম ভট্টাচাৰ্য্য' বোলে। মূকলিমূৰীয়া আৰু পৰ্ব্বতীয়াই ৰজাক ৰজাৰ লক্ষ্মীনাৰায়ণৰ মন্দিৰত গৈ পূজাৰ নিৰ্ম্মালি দি আশী- ৰ্ব্বাদ কৰিব লাগে। সেই সময়ত দুই জনা গোসাইৰ বহ আসন ৰঙ্গা বানত, ৰজাই কলা বানতত বহে। ৰজাৰ বৰ চৰালৈ এই দুই জন গোসাঁই যাব নালাগে, চৰাত ৰজাৰ উচ্চ সিংহাসন থকাবাবে ৰজাৰ নিষেধ।
ৰজা নিজে শিষ্য হোৱাবাবে অধিকাংশ ৰাজবিষয়াও পৰ্ব্বতীয়াৰশিষ্য হয়। শিবসিংহ আৰু প্ৰমত্ত সিংহ সপৰিবাৰে পৰ্ব্বতীয়াৰ শিষ্য হয়। ৰাজেশ্বৰ সিংহও পৰ্ব্বতীয়াৰেই শিষ্য, কিন্তু, ৰামকৃষ্ণৰ পৌত্ৰ সন্তানত শিষ্য হোৱা বাবে এই জনাক নাতী গোসাঁই বোলে। নাতী গোসাইৰ বসতি পূৰ্ব্বৰ বৰ্দ্ধমান, এতিয়াও বৰ্দ্ধমা- নতে আছে। নাতী গোসাইৰ ৰজদত্ত ভূসম্পত আসা-