গোস্বামীৰ এই প্ৰস্তাবত ৰাজি হৈ লোকজন পঠাই শান্তি পুৰৰ পৰা কৃষ্ণৰাম ন্যায় বাগীশক গৰগাঁও নগৰলৈ জনালে। কিন্তু ন্যায় বাগীশক দেখি ৰজাই তেওঁৰ আগত কোনো কথা ব্যক্ত নকৰিলে। কিছুদিন নগ- ৰতে ৰাখি শেষত কলে যে, আপনি কিছুদিন গুৱাহা- টীতে থাওক গৈ। মই অলপৰ পাচতে তালৈ গৈ আপোনাৰ সহিত যি কথা হব লাগে হম গৈ। ন্যায় বাগীশ যদিও ৰজাৰ অনুমতি মতে গুৱা হাটীলৈ গল, কিন্তু, প্ৰতাৰণা কৰা বাবে অন্তৰে ৰজাত কষ্ট হল। ন্যায়বাগীশ গুৱাহাটীলৈ যোৱাৰ পাচতে ৰজাৰ নগৰত অনেক উপদ্ৰব হল। শেহত অনেকে ৰজাত জনালে যে, মহাৰাজ! এজন সিন্ধপুৰুষক অনি প্ৰতাৰণা কৰা বাবে নগৰত উপদ্ৰব হৈছে। যদি ইমানতে ভট্টাচাৰ্য্যক সন্তোষ নকৰে দেশত অনেক বেয়া বৰ।
অনেকে এইদৰে অনুৰোধ কৰাত মহাৰাজ ৰুদ্ৰসিংহই কোঁৱৰ সকলক লৈ গুৱাহাটীলৈ যাত্ৰা কৰিলে। ৰজাই ৰাজ আড়ম্বৰেৰে যাওঁতেই বাটত অনেক দিন হোৱাত কৃষ্ণৰামন্যায়বাগীশ দেশলৈ উভটি গল। ৰজাও গুৱা- হাটী পাই হঠাৎ বেমাৰ হৈ মৃত্যু হল। ৰজাই মৃত্যু পূৰ্ব্বসময়ত কৈ গল যে শিবসিংহ আদি কোঁৱৰ সকল জ্যেষ্ঠানুক্ৰমে ৰজা হব আৰু কৃষ্ণৰাম বা তদীয় পুত্ৰাদিত