পৃষ্ঠা:পদ্মনাভাদি চৰিত.djvu/২৯

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

২১
পদ্মনাভাদি চৰিত

বৰ্ষৈকেন ভবেদ্যোগো বিপ্ৰোগুণ সমন্বিতঃ।
বৰ্ষদ্বয়েণ ৰাজন্যো বৈশ্যস্তু বৎসৰৈ স্ত্ৰিতিঃ॥
চতুৰ্ভি-বৰ্বৎসৰৈঃ শূদ্ৰঃ কথিতা শিষ্য যোগ্যতা॥
ব্ৰাহ্মণক একবছৰ, ক্ষত্ৰিয়ক দুই বছৰ, বৈশ্যক

তিনি বছৰ, শূদ্ৰক চাৰি বছৰপৰীক্ষা কৰি দীক্ষিত কৰিব লাগে। আপোনালোক শূদ্ৰ ধৰ্ম্মগ্ৰাহী বাবে চাৰিবছৰ পৰীক্ষা কৰিহে দীক্ষিত কৰিব পাৰি। কোৱঁৰসকলক চাৰিবছৰ পৰীক্ষা কৰাও আমাৰ নিচিনা নিৰীহ ব্ৰাহ্মণৰ পক্ষে অসম্ভব। ইয়াৰ বাহিৰেও আমাৰ পুত্ৰ পৌত্ৰাদি যদি ৰজাৰ গুরু হৈ সম্পত্তি মান হয়, তেতিয়া ধৰ্ম্মবিচ- লিত হোৱাৰ সম্ভব। ধৰ্ম্মবিচলিত হলে নিশ্চয় অধো- গামী হব লাগিব, পুত্ৰ পৌত্ৰাদিৰ দুশ্চাৰিত্ৰ্যত আমাৰো অধঃ পতন অনিবাৰ্য্য। এতেকে মহাৰাজ! এই বিষয়ে মোক ক্ষমা কৰোক।

 যদি মহাৰাজৰ একান্ত ইচ্ছা, তেনে হলে শান্তি পুৰত টেঙ্গেৰা মৰা ভট্টাচাৰ্য্যৰ ঘৰৰ কৃষ্ণৰাম ন্যায় বাগীশ নামে এজন সিদ্ধ পুৰুষ আছে। নবদ্বীপত পঢ়োতে তেওঁ মোৰ সহপাঠী আছিলে এই বাবে তেওঁৰ সহিত মোৰ বিশেষ বন্ধুতা আছে। মহাৰাজে অনুমতি কৰিলে সেই জন সাধু পুৰুষক মই অনাই দিব পাৰো। মহাৰাজে