পৃষ্ঠা:পদ্মনাভাদি চৰিত.djvu/২৮

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

২০
পদ্মনাভাদি চৰিত ৷

ইৰ পুত্ৰ ৰুদ্ৰেশ্বৰ গোসাঁইক গৰগাঁও নগৰত থাকিবলৈ পঠালে। বীৰে গোসাঁইৰ আচৰণ পূৰ্ব্বতন ঋষি সক- লৰ নিচিনা বাবে সাধাৰণে এই জনা গোসাঁইক ঋষি গোসাঁই বুলিছিল। পুতেক গৰগাঁৱত থকা বাবে গৰ- গঞা গোসাঁয়ো বুলিছিল।

 এইদৰে কিছুদিন অতীত হলত ৰুদ্ৰসিংহ মহাৰাজৰ মৃত্যুৰ প্ৰায় দুই বছৰ মানৰ আগত এদিন মহাৰাজে পদ্ম- নাভ গোস্বামীক মতাই আনি কলে। গোসাঁই দেউ! মোৰ পাচোঁটি লৰা, ইহঁত জ্যেষ্ঠানুক্ৰমে ৰজা হবলৈ মোৰ অনুমতি আছে। জ্যেষ্ঠ আৰু দ্বিতীয় পুত্ৰৰ দীক্ষাৰ সময়ো হ’ল, এই দুটা লৰাক আপুনিএই দীক্ষা দিয়ক। পদ্মনাভ গোস্বামী বীতস্পৃহ আছিল, তেওঁৰ সাংসা- ৰিক বিষয়ত আসক্তি সামান্য। ৰজাৰ এই কথা শুনি গোসাঁয়ে অলপভাবি কলে যে, মহাৰাজ!মোক আজিলৈ অবসৰ দিয়ক, কাইলৈ বিহিত জনাম। পাচ দিনা ৰজাক জনালে যে, মহাৰাজ! ব্ৰাহ্মণৰ জাতি পদ্মপত্ৰৰ জলৰ নিচিনা। কলিযুগত বেগতে ধৰ্ম্মবিচলিত হোৱাৰ সম্ভব। আৰু গুৰুশিষ্যৰ সম্বন্ধ সাধাৰণ নহয়, অনেক জন্মৰ সঞ্চিত কৰ্ম্মফল দ্বাৰা হে গুৰু শিষ্যৰ সম্বন্ধ ঘটে। আৰু গুৰু শিষ্য পৰস্পৰ পৰীক্ষিত হব লাগে। শাস্ত্ৰত উক্ত আছে যে—