চতুৰ্থ পৰিচ্ছেদ।
পদ্মনাভ গোস্বামীৰ দিনৰ পৰাই প্ৰথমে অসামত সাধাৰণত প্ৰকাশ্য ৰূপে তান্ত্ৰিকী দীক্ষা প্ৰচাৰ হয়। কন্তু, পদ্মনাভ গোস্বামীয়ে যাকে তাকে দীক্ষা নিদিছিল। তন্ত্ৰোক্ত মতে উপযুক্ত শিষ্য পালে পৰীক্ষা কৰিহে শষ্য কৰাইছিল। সেই কাৰণেই এতিযাও আমালোকৰ শিষ্যৰ সংখ্যা কম। ৰুদ্ৰসিংহাদি ৰজাৰ আমোলত কেনো লোকেই প্ৰতিমা সাজি শাৰদীয় দুৰ্গোৎসব কৰিব নোৱা- ৰিছিলে। কিন্তু, জগদম্বাৰ কৃপাত মূৰ্ত্তি সাজি প্ৰকাশ্য ৰূপে দুৰ্গোৎসব কৰিবলৈ পদ্মনাভ আৰু তদীয় সন্ততি সকলে ৰজাৰ পৰা বিশেষ ৰূপে অনুমতি পাইছিলে।
এদিন ৰুদ্ৰসিংহ ৰজাই পদ্মনাভ গোসাঁইক কলে যে আপোনাৰ বাস স্থান অনেক দূৰ হল, মাজত ব্ৰহ্মপুত্ৰ নদ, আপোনাক মোক সততেই লাগে। আপুনি কিন্তু, স্থায়ী ভাবে নগৰত থাকিবলৈ অনিচ্ছুক, এতেকে আপো- নাৰ এজন সন্তানক নগৰৰ বহাত ৰাখিব লাগে। গোস্বামী দেৱেও ৰজাৰ আদেশ মতে জ্যেষ্ঠপুত্ৰ বীৰেশ্বৰ গোসাঁ
(৩)