পৃষ্ঠা:পদ্মনাভাদি চৰিত.djvu/২৭

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

। চতুৰ্থ পৰিছেদ। পদনা গোস্বামীৰ দিনৰ পৰাই প্ৰথমে অসামত সাধাৰণত প্ৰকাশ্য ৰূপে তা কী দীক্ষা প্ৰচাৰ হয়। কন্তু, পদ্মনাভ গোস্বামীয়ে যাকে তাকে দীক্ষা নিদিছিল। তন্ত্ৰোক্ত মতে উপযুক্ত শিষ্য পালে পৰীক্ষা কৰিহে শ্য কৰাইছিল। সেই কাৰণেই এতিয ও আমালোকৰ শিষ্য। সংখ্যা কম। ৰুদ্ৰসিংহাদি ৰজাৰ আমোলত কেনো লোকেই প্ৰতিমা সাজি শাৰদীয় দুৰ্গোৎসব কৰিব নোৱা- ৰিছিলে। কিন্তু, জগদম্বাৰ কৃপাত মূৰ্ত্তি সাজ প্ৰকাশ্য ৰূপে দুৰ্গোৎ সব কৰিবলৈ পদ্মনাভ আৰু তদীয় সন্ততি সকলে ৰজাৰ পৰা বিশেষ ৰূপে অনুমতি পাইছিলে। এদিন ৰুদ্ৰসিংহ ৰজাই পদ্মনাভ গেইক কলে যে কাপোনা বাস স্থান অনেক দূৰ হল, মাজত ব্ৰহ্মপুত্ৰ নদ, আপোনক মোক সততেই লাগে। আপুনি কিন্তু, স্থায়ী ভাবে নগৰত থাকিবলৈ অনিচ্ছক, এতেকে আপো- নাৰ এজন সন্তানক নগৰৰ বহুত ৰাখিব লাগে। গোস্বামী দেৱেও ৰজাৰ অ'দেশ মতে জ্যেষ্ঠপুত্ৰ বীৰেশ্বৰ গোসা