পিন্ধিলে নাঙ্গঠা হয়। ব্ৰাহ্মণে অন সময়ত চোলা পাগুৰী পিন্ধিলেও কৰ্ম্মত পিন্ধা উচিত নহয়। শাস্ত্ৰ- মতে ৰাজ দৰ্শনো কৰ্ম্মই, এতেকে কৰ্ম্মস্থ ব্ৰাহ্মণক চেলা পাগুৰী পিন্ধিবলৈ যেন মহাৰাজৰ অনুমতি নহয়, এয়ে বিণীত প্ৰাৰ্থনা। ৰুদ্ৰসিংহ মহাৰাজে এইৰূপ উত্তৰ শুনি বৰ সন্তোষ পালে, সেই দিনাই মহাৰাজে পদ্মনাভ গোস্বামীক “ মুকলিমূৰীয়া ” পদপিৰে ভূষিত কৰিলে।
থাকিবৰ নিমিত্তে মাজালিৰ শাকোপৰা গ্ৰামৰ ওচৰত কলাকটা নদীৰ দাতিত ৰীতি মত ধাপ মৰাই বাড়ী কৰি চণ্ডিমণ্ডপ দাঁৰঘৰ সমেত ঘৰ কৰাই দিয়ালে। এটা ডাঙ্গৰ পুখুৰী, চাৰিটা পাটনাদ কৰাই দিযালে। পৰি কৰৰ কাৰণ বন্দী বেটীৰ পৰিয়াল দিলে। সেন্দুৰী ডুবি ৰৌমাৰি, খৰিবটা এই তিনখন বিল দিলে। দিছৈখাটত ১০০ পুৰা, কাকদঙ্গাৰ দাতিত হোকোৰা খাটত ১০০ পুৰা, গৰু খোজা পৰ্ব্বতৰ ওচৰ ৰজাখাটত ১০০ পুৰা, ভূমি ব্ৰহ্মোত্তৰ কৰি দিলে। গোসাঁই মাজালিৰ পৰা আহি ৰজাক দেখা কৰি থাকিবৰ কাৰণ গৰগাঁও নগৰৰ ওচৰতে বাড়ী ঘৰ কৰাই দিয়ালে।
——————