সমললৈ যাওক

পৃষ্ঠা:পদ্মনাভাদি চৰিত.djvu/২৫

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

১৭
পদ্মনাভাদি চৰিত ৷

প্ৰচাৰ কৰিলে অনেক ব্যঙ্গ বিদ্ধপ শুনব লাগিব, এই কাৰণে সেই সমুদয় কথা আমি বাদ দিলো।

 ৰুদ্ৰসিংহ মহাৰাজে পদ্মনাভ ভট্টাচাৰ্য্যক সিদ্ধপুৰুষ জানি অনেক আদৰ সম্মান কৰিলে। মহাৰাজৰ হিন্দু- ধৰ্ম্মত অচলা ভক্তি, বিশেষ কৈ শিবরূপত বৰ আশক্তি। মহাৰাজাই উপযুক্ত লোকক হাত পাই সুবিধা বুজি পদ্মনাভ ভট্টাচাৰ্য্যৰ পৰা পৌৰাণিক নিয়মে পঞ্চাক্ষৰ শিবমন্ত্ৰ গ্ৰহণ কৰি উক্ত ভট্টাচাৰ্য্যক গুৰু বৰণ কৰে। ভট্টাচাৰ্য্যই ৰজাক দেখা কৰাৰ সময়ত কেবল ধুতি ছাদৰ পিন্ধে, চোলা আৰু পাগুৰী নিপিন্ধে। কিন্তু, মুকলি মূৰে কোনো ভদ্ৰ লোকেই ৰজাক দেখা নকৰে, আৰু কৰাওনিষেধ। কিন্তু, ভট্টাচাৰ্য্যই বিপৰীত ব্যবহাৰ কৰা বাবে এদিন ৰুদ্ৰ সিংহ মহাৰাজে ভট্টাচাৰ্য্যক চোলা পাগুৰী নিপিন্ধাৰ কাৰণ সুধিলে। তেতিয়া ভট্টাচাৰ্য্যই এই দৰে উত্তৰ দিলে।

 মহাৰাজ! ব্ৰাহ্মণ সত্বগুণ বিশিষ্ট, পোষাকো সাত্বিক ভাবে কৰিব লাগে। শাস্ত্ৰত কথিত আছে যে “সদো- পবীতিনা ভাব্যম্” অৰ্থাৎ ব্ৰাহ্মণে সততে দক্ষিণোপ- বীতি হৈ থাকিব লাগে। কিন্তু, চোলা আৰু পাগুৰী পিন্ধিলে দক্ষিণোপবীতত ব্যাঘাত হয়। তদুপৰি শাস্ত্ৰত উল্লেখ আছে যে “উষ্ণীষী কুষ্ণকী নগ্নঃ” চোলা পাগুৰী