পৃষ্ঠা:পদ্মনাভাদি চৰিত.djvu/২৪

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
১৬
পদ্মনাভাদি চৰিত ৷

সকলৰ দ্বাৰাই পদ্মনাভৰ বিদ্যাবত্তাৰ পৰীক্ষা কৰাই।

 পণ্ডিত সকলে পৰীক্ষা কৰি জানিব পাৰিলে যে, পদ্মনাভ এজন ভাল পণ্ডিত আৰু ঈশ্বৰানুগৃহীত পুৰুষ৷ পণ্ডিত সকলে পৰীক্ষা কৰি পদ্মনাভৰ বিদ্যাগুণ বৰফুকনক জনায়। সেই সময়ত আসাম ৰাজ্য ৰুদ্ৰসিংহ স্বৰ্গদেবৰ শাসিত। ৰুদ্ৰসিংহ মহাৰাজৰ হিন্দুধৰ্ম্মত অচলা ভক্তি, তদীয় পিতৃ গদাধৰ সিংহই যি বিলাক মহন্তক চেউনী বচাত ঠাই দি ৰাখিছিলে, সেই সকল মহন্তক আনি মহাৰাজ ৰুদ্ৰসিংহই যথানিয়মে মাজালিত পাতে৷ এই সময়তে বৰফুকনে পদ্মনাভ ভট্টাচাৰ্য্যৰ বিষয় মহাৰাজলৈ জনায়। মহাৰাজে বৰফুকনৰ পৰা এজন সাধু পুৰুষৰ শুভাগমন শুনি প্ৰফুল্লচিত্তে ভট্টাচাৰ্য্যক নগৰতে আহ্বান কৰিলে। বৰফুকনে লগত মানুহ দি গৰগাঁও নগৰলৈ ভট্টাচাৰ্য্যক পঠাই দিলে। মহাৰাজে ভট্টাচাৰ্য্যক নগৰতে ৰাখি ৰাজসভাৰ পণ্ডিত সকলৰ দ্বাৰাই পৰীক্ষা কৰালে। পণ্ডিত সকলে পৰীক্ষা কৰি মহাৰাজক জনালে যে অনেক শাস্ত্ৰদৰ্শী আৰু ঈশ্বৰানুগৃহীত সাধুপুৰষ৷ ৰজাই অনেক অনেক পৰীক্ষা কৰি পদ্মনাভ ভট্টাচাৰ্য্য প্ৰকৃত ঈশ্বৰনুগৃহীত সাধুপুৰুষ বুলি জানিলে। পদ্মনাভ ভট্টাচাৰ্য্যই ৰাজ সভাত অনেক অলৌকিক কাণ্ড প্ৰকাশ কৰা কিম্বদন্তী শুনা আছে। কিন্তু সেই বিলাক কথা বৰ্ত্তমান সমাজত