পৃষ্ঠা:পদ্মনাভাদি চৰিত.djvu/২৩

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
১৫
পদ্মনাভাদি চৰিত ৷

বছৰ। পূৰ্ব্বৰ বাস স্থানত তেওঁৰ জেষ্ঠাদি আৰু আত্মীয় লোক কাকো নাপালে, বাসস্থান হাবি হল। পদ্মনাভ ভটিয়াই যোৱাৰ পাচতে উত্তৰ লক্ষীমপুৰত ডফলা আদি পাৰ্ব্বত্য জাতিৰ উপদ্ৰব হয়। সেই উপদ্ৰবতে অনেক ভদ্ৰলোকে সেইস্থান পৰিত্যাগ কৰি মাজলিত বসতি কৰেহি। সেই সূত্ৰেই পদ্মনাভৰ জেষ্ঠ সকল মাজলিলৈ আহে। পদ্মনাভেও লক্ষীমপুৰত বসতিৰ সুবিধা নাপাই মাজালিলৈকে আহে। জেষ্ঠ সকল ভীমপৰা গ্ৰামত আছিল, কিন্তু, পদ্মনাভে তালৈ নগৈ শাকোপৰা গ্ৰামতে বসতিৰ কাৰণ মনোনীত কৰে। শাকোপৰাত বসতি কৰাৰ পাচত পদ্মনাভ ভট্টাচাৰ্য্যই দুৰ্গাধৰৎকাচাৰ্য্যৰ দুহিতৃ বসুমতী দেবীক বিবাহ কৰায়। বসুমতীৰ ক্ৰয়ে বীৰেশ্বৰ আৰু ধীৰেশ্বৰ নামে দুটি পুত্ৰ হয়। কোনো কাৰণ বশতঃ পদ্মনাভৰ দুই বিবাহ হয়, দ্বিতীয় বিবাহ ৰামৰাথ ন্যায় বাগীশৰ দুহিতৃ লক্ষ্মী মতী দেবীৰ সহিত।

 লক্ষীমতীৰ ৰামেশ্বৰ হৰিহৰ ধৰ্ম্মেশ্বৰ নামে তিনিজন পুত্ৰ হয়। পদ্মনাভ ভট্টাচাৰ্য্যই দ্বিতীয় বিবাহ কৰাৰ পাচত কামাখ্যা দৰ্শনাৰ্থে পুনঃ গুৱাহাটীলৈ যায়। যি জন বৰফুকনে তেওঁক নবদ্বীপলৈ পঠাইছিলে সেই জন বৰফুকন পদচ্যুত হয়, তেওঁৰ ঠাইত অন্য এজন বৰফুকন হয়। দ্বিতীয় বাৰ কামাখ্যা দৰ্শন কৰি বৰফুকনকো দৰ্শন কৰে, সেই চলতে বৰফুকনে গুৱাহাটীৰ পণ্ডিত