পৃষ্ঠা:পদ্মনাভাদি চৰিত.djvu/২২

ৱিকিউৎসৰ পৰা
নেভিগেশ্যনলৈ যাওক সন্ধানলৈ যাওক
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
পদ্মনাভ দ চৰিত।











 ময়িতেহস্তি স্থিৰা ভক্তি ভুৰ্যোহ পোবং ভবিষ্যতি।

{{gap}দেহান্তে পৰমং ধাম তয়া প্ৰাপ্সাতি পুত্ৰক॥

{{gap}ভাবিন স্তব পুত্ৰাদ্যা যদি সুৰ্ম্মৎ পৰায়ণাঃ।

{{gap}তেষা মপি শুভং বিদ্ধি কৃপয়া জগদিশিতুঃ॥

তোমাৰ মোত ভক্তি স্থিৰ আছে; এই দৰে আগলৈকে থাকিব, সেই ভক্তিৰেই দেহান্তত উৎকৃষ্ট স্থান লাভ কৰিব পাৰিবা। ভবিষ্যৎ তোমাৰ পুত্ৰাদিও যদি মৎ ভক্তি পৰায়ণ হয় তেনে হলে সেই সকলৰো ভগবানৰ কৃপাত ভাল হব। পদ্মনাভ ভট্টাচাৰ্য্যক এই ৰূপে অনু- গ্ৰহ কৰি অন্তৰ্হিতা হল। পদ্মনাভে পুৰশ্চৰণৰ অন্তত পুনঃ গুৰু দৰ্শনাৰ্থে কাশীধামলৈ যায়। কিন্তু, কাশীত গুৰু দৰ্শন নোপোৱাত প্ৰয়াগাদি তীৰ্থ পৰ্য্যটন কৰি “ৰামেশ্বৰ সেতুবন্ধ’’ দৰ্শন কৰে। প্ৰবাদ আছে যে সেতু বন্ধুত থক’তেই এদিন পদ্মনাভে সাগৰৰ জলত পাঁচ খনীয়া দশভুজা দুৰ্গ মূৰ্তি দৰ্শন কৰে। সেই দৰেই ভট্টাচায্যই নিজ দেশত দশভুজা মূৰ্ত্তি নিজে সাজি শাৰ- দীয় মহোৎসব সাধ' কৰিছিল। সেই ঠগৰ প্ৰতিমা তদীয় প্ৰপৌত্ৰ পৰ্য্যন্ত কৰিব পাৰিছিল বুলি অনেকৰ পৰা শুনা আছে।

{{gap}পদ্মনাভ ভট্টচাৰ্য্যে সেতু বন্ধৰে পৰা উভটি আহি, ক্ষীমপুৰ পায়হি, তেতিয়া তেওঁৰ বয়স প্ৰায় ৩৩৷৩৪