পৃষ্ঠা:পদ্মনাভাদি চৰিত.djvu/১৫

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

পদ্মনাভাদি চৰিত

হোৱা বাবে পৰ্য্যাপ্ত শিক্ষা নহল। পিতৃৰ মৃত্যুৰ পূৰ্ব্বেই মাতৃ বিয়োগ হোৱা বাবে মনোহৰ একপ্ৰকাৰ অনাথ হয়। মনোহৰে পৰমানন্দ ভট্টাচাৰ্য্যৰ দুহিতৃ অম্বিকাদেবীক বিবাহ কবাই

 মনোহৰৰ বিবাহ প্ৰায় ১৮ বছৰ বয়সতে হয়, অসহায় বাবেই কম বয়সত বিবাহ হোৱাৰ কাৰণ। মনোহৰৰ পাঁচজন পুত্ৰ, ১ম হৃষীকেশ, ২য় বিশ্বম্ভৰ, তৃতীয দামোদৰ, চতুৰ্থ কৃষ্ণনাথ, পঞ্চম পদ্মনাভ। হৃষীকেশাদি চাৰি জনৰ কালক্ৰমে সন্ততি উচ্ছেদ হৈ গৈছে, এই কাৰণে সিবোলাকৰ বিষয় উল্লেখ অনাবশ্যক।

 পদ্মনাভ ভট্টাচাৰ্য্য ১৫৮০ শকত ৰটন্তী চতুৰ্দ্দশীত জন্মহয়, পদ্মনাভৰ উপনযণৰ পাচতে তদীয় পিতৃ মনোহৰৰ মৃত্যু হয়। পিতৃ মৰণৰ পূৰ্ব্বতে মাতৃদেবীৰো পৰলোক হয়। পদ্মনাভ সৰুৰে পৰাই মিতভাষী আৰু সৰল, বিদ্যাচৰ্চ্চাতো বিশেষ ৰূপে অনুৰক্ত, গৃহ কাৰ্য্যত আশক্তি মোটে নাই। কিন্তু তদীয় পূৰ্ব্বজ সকলে পদ্মনাভক গৃহকাৰ্য্যত উদাসীন দেখি তেওঁৰ ওপৰত প্ৰায়ে অসন্তুষ্ট, সময়ত কটুক্তিও নকৰি নাথাকে। পদ্মনাভে লক্ষ্মীকান্ত ন্যায়বাগীশ নামে এজন অধ্যাপকৰ ওচৰত অধ্যয়ন কৰে। ব্যাকৰণত

[২]