পৃষ্ঠা:পদ্মনাভাদি চৰিত.djvu/১৪

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

পদ্মনাভাদি চৰিত।

পাৰ নামে ঠাই এডখৰত উপযুক্ত ঘৰ বাড়ী কৰাই দিয়ে। লগৰ দুইজন ব্ৰাহ্মণকে পৃথকে ঘৰ বাড়ী কৰাই দিয়ে। ভট্টাচাৰ্য্যক প্ৰবৰ্ত্তিবৰ কাৰণ এশপুৰা মাটী ব্ৰহ্মোত্তৰ কৰি দিয়ে, পৰিকৰৰ বাবে কিছুমান মানুহ দিয়ে। চুঙ্গাপাৰত দিয়া ভুমিৰ নাম চুঙ্গাপাৰ খাট বোলে। আবশ্যক মতে মহৰাজে যেতিয়া বিচাৰ কৰে তেতিয়া ভট্টাচাৰ্য্য ৰাজ সভাত উপস্থিত হয়।

দ্বিতীয় পৰিচ্ছেদ।

 সেই দশৰথ ভট্টাচাৰ্য্যৰ আসামত এজন পুত্ৰ হয়, কনৌজত হোৱা দুইজন পুত্ৰ মাকৰ লগতে আসামলৈ আহে। কিন্তু কনৌজৰ পৰা অহা জেষ্ঠ আরু মধ্যম পুত্ৰ অকালতে কাল গ্ৰাসত পৰে, অসমত হোৱা কনিষ্ঠ জনৰ ক্ৰমে বংশ বিস্তীৰ্ণ হয়। দশৰথৰ কনিষ্ঠ পুত্ৰৰ নাম মনোহৰ ভট্টাচাৰ্য্য, মনোহৰে পিতৃৰ পৰাই ব্যাকৰণাদি শিক্ষা কৰে। কিন্তু অসময়ত পিতৃ-বিয়োগ