পৃষ্ঠা:পদ্মনাভাদি চৰিত.djvu/১৬

ৱিকিউৎসৰ পৰা
নেভিগেশ্যনলৈ যাওক সন্ধানলৈ যাওক
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

পদ্মনাভাদি চৰিত।

ভাল ব্যুৎপত্তি হৈছে, ভট্টি কুমাৰসম্ভব আদি। খনদেউক সাহিত্যও পঢ়িছিল। সেই সময়ত পদ্মনাভৰ বয়স ষোল বছৰ। এনেতে এদিন জেষ্ঠ সকলৰ কটু বাক্যত পদ্মনাভে ৰাত্ৰি আহাৰ নকৰি দুখ মনে শুই থাকিল।

 সেই দিনা ৰাত্ৰি শেষত পদ্মনাভে স্বপ্নত দেখিলে যে, এজনা সৰ্ব্বাঙ্গ সুন্দৰী শুক্ল স্ত্ৰ পৰিহিতা স্ত্ৰী লোকে হাস্য মুখে স্নেহ কৰি পদ্মনাভক কলে। বাপা! তুমি ইয়াত থাকিলে তোমাৰ আগ্ৰহ মতে বিদ্যা উপাৰ্জন নহয়। এতেকে তুমি নবদ্বীপলৈ যোৱা, তাত তোমাৰ যথোচিত বিদ্যা হব, যোৱাৰ বিষয়ে তোমাক বৰফুকনে সহায় কৰিব।

 পদ্মনাভে শেষ ৰাত্ৰিত এই স্বপ্ন দেখি আৰু নুশুলে। পাচ দিনা ঘৰত হৃষ্ট মনে ভোজন কৰি লক্ষ্মীকান্ত ন্যায় বাগীশৰ পুত্ৰ গদাধৰক লগত লৈ কাকো নোকোৱা কৈ গুৱাহাটীৰ ফাললৈ যাত্ৰা কৰিলে। সেই সময়ত ৰেল, জাহাজ, টেলিগ্ৰাফ অধিক কি এতিয়াৰ দৰে ডাকো নাই। কাযেই যাত্ৰীৰ যাত্ৰাত মহৎ শঙ্কট। পদ্মনাভে স্বপ্নদৃষ্ট স্ত্ৰীমূৰ্ত্তিকে হৃদয়ত ভাবি জলপথত নাৱেৰে স্থলপথত পদব্ৰজে অনেক দিন গৈ গুৱাহাটী পালেগৈ। গুৱাহাটীত কামাখ্যা দৰ্শন কৰি বৰ ফুকনক দেখা কৰি নিজৰ অভি-