পৃষ্ঠা:পদ্মনাভাদি চৰিত.djvu/১৩

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

পদ্মনাভাদি চৰিত।

কৈ বেদ চৰ্চ্চাত পণ্ডিত সকলে বৰ সন্তোষ পালে। এই জন পণ্ডিতক আসামত ৰাখিলে ভবিষ্যতে আসামৰ উপকাৰ ভাবি পণ্ডিত সকলে বৰফুকনক জনালে। বৰফুকনে মহাৰাজলৈ জনাই, মহাৰাজৰ অনুমতি মতে ভট্টাচাৰ্য্যক উজানলৈ পঠাই দিলে। ভট্টাচাৰ্য্যই বঙ্গশেৰ নৰদ্বীপত ন্যায়দৰ্শন পঢ়িছিল, সেই বাবে বঙ্গভাষা জানে, আৰু কনৌজী ভাষা জানে। আসামত সেই সময়ত উক্ত দুইবিধ ভাষাৰ সিমান প্ৰচলন নথকাত মহাৰাজাই পণ্ডিতৰ দ্বাৰাই হে প্ৰত্যুত্তৰ জানিব পাৰিছিল। মহাৰাজে ভট্টাচাৰ্য্যৰ শাস্ত্ৰজ্ঞানত বিশেষ শন্তোষ পাই তেওঁক আসামতে ৰাখিবৰ কাৰণ অনুৰোধ কৰিলে। ভট্টাচাৰ্য্যই নিজৰ আৰু সঙ্গী ব্ৰাহ্মণ দুইজনৰ পৰিবাৰ আদি দেশত থকাবাবে প্ৰথমে আসামত থাকিবলৈ আপত্তি কৰিলে। কিন্তু মহাৰাজে পৰিবাৰাদি অনাই দিবলৈ স্বীকৃত হোৱাত ভট্টাচাৰ্য্যই আসামত থাকিবলৈ মান্তি হল। পাচত মহাৰাজে ভট্টাচাৰ্য্যক নগৰতে ৰাখি লগত অহা ব্ৰাহ্মণ এজনক কটকি সহিত পঠাই কনৌজৰ ৰজাৰ অনুমতি মতে তিনিউৰো পৰিবাৰ অনাই দিয়ে। ভট্টাচাৰ্য্যই ব্ৰহ্মপুত্ৰৰ উত্তৰ পাৰে থাকিবলৈ ইচ্ছা প্ৰকাশ কৰি মহাৰাজক জনোৱাত তদনুসাৰে উত্তৰ লক্ষীমপুৰত চুঙ্গা