পৃষ্ঠা:পদ্মনাভাদি চৰিত.djvu/১২

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

পদ্মনাভাদি চৰিত্ৰ।

 ওপৰত কোৱা পঞ্চগৌড় ব্ৰাহ্মণৰ ভিতৰৰ কনৌজ দেশ বাসী বৈদিক শ্ৰেণীৰ কৌশিক গোত্ৰৰ অদ্বৈতা- নন্দ ভট্টাচাৰ্য্যৰ সন্তান দশৰথ ভট্টাচাৰ্য্য নামে এজন অশেষ শাস্ত্ৰজ্ঞ ব্ৰাহ্মণ ১৫৩৫ শকত তীৰ্থযাত্ৰা প্ৰসঙ্গত কামৰূপলৈ আহে। সেই ব্ৰাহ্মণৰ লগত পৰাশৰ গোত্ৰৰ ঘণ্টাকৰ্ণ, কৌশিক গোত্ৰৰ কৃপাময় দুইজন ব্ৰাহ্মণ সহযাত্ৰী ৰূপে আহে। দশৰথ ভট্টাচাৰ্য্যই সহ- যাত্ৰী দুইজন ব্ৰাহ্মণ সহিত অশ্বক্ৰান্তত শ্ৰাদ্ধ কৰি বিষ্ণুপদত পিণ্ড দি উমানন্দ দৰ্শনৰ পাচত কামাখ্যা পীঠ দৰ্শন কৰে। সেই সমযত উজনী অসামত প্ৰবল পৰাক্ৰমী ইন্দ্ৰবংশ বুদ্ধি স্বৰ্গনাৰায়ণ আসামৰ হৰ্ত্তা-কৰ্ত্তা। তদীয় প্ৰতিনিধি স্বৰূপে এজন বৰ ফুকনে গুৱাহাটী খণ্ড শাসন কৰে।

মহাৰাজ বুদ্ধি স্বৰ্গনাৰায়ণ যদিও হিন্দুধৰ্ম্মত সম্পূৰ্ণ দীক্ষিত হোৱা নাই, তথাপি হিন্দুধৰ্ম্মৰ ফালে আংশিক ৰূপে শ্ৰদ্ধা হৈছে। এই জনা মহাৰাজে বিশ্বনাথৰ দঁল, গেলাবিলৰ দাতিত দেৰগাৱঁৰ শিব দেৱালয় প্ৰথম কৰাই, আরু দেবোত্তৰ ব্ৰহ্মোত্তৰ ভূমিৰ বন্দোবস্ত কৰে।

সেই সময়ত গুৱাহাটীত শাস্ত্ৰব্যবসায়ী পণ্ডিতৰ বৰ মেলা, দশৰথ ভট্টাচাৰ্য্যৰ অলৌকিক শাস্ত্ৰজ্ঞানত বিশেষ