অপকাৰ কৰিলেহেঁতেন তাক কোনে জানিছে? ঈশ্বৰৰ অনুগ্ৰহত পাপীষ্ঠ আপুনি নষ্ট হল। "
ফুল অতি বুদ্ধিমতী আৰু ধৈৰ্য্যৱতী ছোৱালী বুলি আমি আগেয়ে কৈ আহিছোঁ। অতদিন যি সমস্যা, যি সাঁথৰৰ উত্তৰ উলিয়াব নোৱাৰি তেওঁ ব্যাকুলা হৈ আছিল, আজি তেওঁ সেই উত্তৰ পালে। তেওঁ এতিয়া বুজিলে পদুম কুমাৰীয়েই সূৰ্য্যকুমাৰৰ হৃদয়-আসনৰ অধিকাৰিণী আছিল; আৰু যি ভাগ্যৱতীৰ ভাগ্য সদায় তেওঁৰ ঈৰ্ষাৰ বস্তু আছিল সেই ভাগ্যৱতীয়েই, মাটিত পৰি থকা, এই পদুম। যি পদুমৰ গুণ যশস্যাৰ কথা লোকৰ মুখে আগেয়ে তেওঁ ইমান শুনিছিল, সেই পদুমেই তেওঁৰ সূৰ্য্যৰ প্ৰাণেশ্বৰী। সি যি নহওক, সূৰ্য্যৰে সৈতে সূৰ্য্যৰ প্ৰাণেশ্বৰীৰ এই জীৱনত যি মিল দেখিবলৈ তেওঁ ইমান আশা কৰিছিল, সেই আশা পূৰ হোৱা দেখি ফুলে অতি শোকৰ মাজতো এক কণিকামান সুখ অনুভৱ কৰিলে।
ফুলে এতিয়া কি উপায় অৱলম্বন কৰিব তৎক্ষণাৎ সেইটো কথা মনতে পাতি, মনটো স্থিৰ কৈ লৈ ধৈৰ্য্য ধৰি বাহিৰে আবেগশূন্যা হৈ দেউতাকৰ ওচৰ চাপিল। বৰফুকনে জীয়েকক সেই ভয়ংকৰ ঠাইলৈ তেওঁৰ আজ্ঞা পেলাই সূৰ্য্যৰ পাছে পাছে অহাৰ কাৰণ শুধিলত জীয়েলে কলে, "দেউতা, সূৰ্য্যই কাৰবাৰ মুখে অকস্মাৎ কিবা এটা বাতৰি পাই বলীয়াৰ নিচিনা হৈ লৰি অহা দেখি তেওঁৰ পাছে পাছে মইও আহিলো। মই ভাবিলো মোৰ দেউতাৰ কিবা বিপদ হৈছে হবলা; দেউতা তোমাৰ কিবা হব লাগিলে মইনো কেনেকৈ জীয়াই থাকি কি কৰিম? তোমাৰ বাহিৰে এই সংসাৰত মোৰ আৰু কোনোবা আছে নে? তোমাৰ লগে লগে আহি মই দুৰ্ঘোৰ অৰইণ পাইছোঁহি।" জীয়েকৰ এই কথা শুনি বৰফুকন শান্ত হৈ কলে, "চাচোন আইদেউ,