পঞ্চদশ অধ্যায়
ফুল শুকাল
"Strew on her roses, roses
And never a spray of yew!
In quiet she reposes;
Ah! would that I did too"--M. Arnold
ইমানবিলাক কাণ্ড বৰফুকনৰ চকুৰ আগতে অলপ সময়ৰ ভিতৰতে হৈ যোৱা দেখি বৰফুকন ভয়ত এক প্ৰকাৰ বিমোৰ হৈ ৰৈ আছিল। তেওঁৰ লগৰীয়া ৰণুৱাবিলাকে কুমেদানৰ মৃত্যুৰ পাছত পলাই পত্ৰং দিলে, কিন্তু তেওঁৰ প্ৰিয়পাত্ৰ সূৰ্য্যকুমাৰৰ অৱশেষত এনে কাৰ্য্য আৰু অৱস্থা দেখি হঠাৎ তেওঁ একোটা ঠাৱৰাব নোৱাৰি থৰ হৈ ৰৈ আছিল, পলাবলৈ বা আন কোনো উপায় চিন্তিবলৈ তেওঁৰ বুদ্ধি নেখেলালৈ। তেওঁ এটাইতকৈ আচৰিত হৈছিল সূৰ্য্যকুমাৰৰ পিছে পিছে ফুল লৰি অহা দেখিহে। যি সূৰ্য্যকুমাৰৰ স্বভাৱ চৰিত্ৰ তেওঁ এনে ভাল দেখিছিল, যাক তেওঁ অতি মৰম আৰু বিশ্বাস কৰিছিল, যাক তেওঁ ফুলৰ ৰখীয়া পাতি আহিছিল এনে সূৰ্য্যকুমাৰেই বা হঠাৎ কিয় এনেবিলাক তেওঁৰ স্বপ্নৰ অগোচৰ কাৰ্য্য কৰিলে?
বিশেষতঃ তেওঁ এই কাৰ্য্য ইমান গুপুতে কৰিছিল, এনে স্থলত সূৰ্য্যই বা ইয়াৰ গম পালে, সূৰ্য্যক কোনে হৰদত্ত থকা এই ঠাই ডোখৰ দেখুৱাই দিলে? ইত্যাদি চিন্তাত তেওঁ ইমানখিনি কাল নিমগ্ন আছিল। অৱশেষত ফুকনে এইটো ভাবি ঠিক কৰিলে যে "সূৰ্য্য অবিশ্বাসী, আৰু শত্ৰুপক্ষীয় লোক। মই এই সাপক গাখীৰ খুৱাই অতি গৰুৰ কাম কৰিছিলো। আৰু বা ই মোক আগলৈ কি