আজিৰ পৰা ঈশ্বৰৰ অনুগ্ৰহত মই শত্ৰুশূন্য হলো। তোৰ সূৰ্য্যকুমাৰৰ কাৰ্য্য দেখিলি? আমি ভাল সাপটো পুহিছিলো। "
দেউতাকৰ কথা শুনি ফুলে লাহেকৈ কলে, "দেউতা, ঈশ্বৰৰ ইচ্ছাত সকলো হয়। "
আমিওপৰত কৈ আহিছোঁ, বৰফুকন ফুলৰ ইমান বশ যে ফুলৰ কথা কেতিয়াও তেওঁ পেলাব নোৱাৰে। ফুলকে যিহকে ইচ্ছা কৰে সেই কামটো হেজাৰো তেওঁৰ মনৰ বিপৰীত হওক তথাপি তাক তেওঁ পূৰণ নকৰাকৈ নেথাকে। ফুলে দেউতাকক কাবৌকোকালি কৰি প্ৰাৰ্থনা কৰিলে যে দেউতাকে যেন তেওঁক সূৰ্য্যকুমাৰৰ আৰু পদ্মকুমাৰীৰ শ দুটা গুৱাহাটীলৈ লৈ যাবলৈ অনুমতি দিয়ে।
জীয়েকৰ এই কথা শুনি বৰফুকনে বিৰক্ত হৈ কলে, "ফুল, তোৰ এনে কুমতি কেনেকৈ উৎপন্ন হল? মোৰ মহাশত্ৰুৰ প্ৰতি ইমানটো মায়া? ৰাজদ্ৰোহী হৰদত্ত, তাৰে জীয়েক এইজনী আৰু সেই ৰাজদ্ৰোহীৰ ফলীয়া মানুহ সূৰ্য্যকুমাৰ, এনে মহা পাতকীৰ প্ৰতি তই আদৰ প্ৰকাশ কৰ? ইহঁতৰ শ ছুলে শৰীৰ অপৱিত্ৰ হয়, চালে চকু কলংকিত হয়। শিয়াল, কুকুৰ আৰু শগুণৰ বাহিৰে ইহঁতৰ শ এই পৃথিৱীত কোনে স্পৰ্শ কৰি আপোনাক কলুষিত কৰিব? ছিঃ ছিঃ ফুল, মোৰ সন্তান হৈ তোৰ মুখত এনে জঘন্য কথা ওলাল?"
দেউতাকৰ কথা শুনি ফুলে অতি বিনিতভাৱে কলে, "দেউতা, মোৰ অভিপ্ৰায় আগেয়ে বুজি মোক খং কৰক। দেউতাৰ শত্ৰুলৈ মোৰ বিশেষ স্নেহ বা আদৰ থকা বাবে যে মই এনে প্ৰস্তাৱ কৰিছোঁ, এনে নহয়, ইয়াৰ অৱশ্যে বিশেষ কাৰণ আছে। কিছুদিন হল, এজন সন্ন্যাসীয়ে মোক এটি মন্ত্ৰ দি কৈছিল, যে মন্ত্ৰত তুমি