পৃষ্ঠা:পদুম কুঁৱৰী.pdf/১০

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
 

দ্বিতীয় অধ্যায়।

পদুমৰ কি হৈছে?

“Why so pale and wan, fond lover? Prythea, way so pale?-Sir J. Suckling.

 ‘পদুমৰ কি হৈছে। এই প্ৰশ্নৰ উত্তৰ আমি এতিয়া দিবলৈ কাৰবাৰ কৰোঁ।

 হৰদও যদিও এজন সৎস্বভাৱৰ আৰু স্বদেশহিতৈষী লোক, তথাপি তেওঁৰ অন্তৰত অতি উচ্চ আশা সদাই অতিপাত ৰূপে আছিল বুলি আমি আগেয়ে কৈছোঁ। তেওঁৰ এই আশা বহ্নিত কন্‌কনীয়া শুকান খৰি পেলাই দিওঁতা হৈছে তেওঁৰ ভায়েক বীৰদত্ত। হৰদত্তই যেই কামকে কৰিম বুলি ভাবিব, বীৰদত্তই তাকেই সিংহ বিক্ৰমেৰে সমৰ্থন কৰি তেওঁক সেই কাম কৰিবলৈ দুগুণ উৎসাহী কৰিব। আনকি, কেতিয়াবা হৰদত্তই কৰিব নোখোজা কোনো কোনো কামো বীৰদত্তৰ উদ্গণিত কৰিবলৈ বাধ্য হয়। চমুকৈ কবলৈ গলে হৰদত্ত মূৰ, বীৰদত্ত হাত আৰু মূৰে হাতক চলাব লাগে দেখি হাতৰ ওচৰত মূৰো কোতয়াবা সেও হব লগাত পৰে।

  মোৱামৰীয়াবিলাকে আসাম উপান্ত কৰিলে: দেশত হুলস্থুল, প্ৰজাৰ সুখ-শান্তি নাই, মন-প্ৰাণ সকলো সঙ্কট জালেৰে মেৰখোৱা কতলোক ভাগি দেশ-দেশান্তৰে গল; মানুহৰ পথাৰৰ পকাধান পথাৰত গুচিল, ভঁড়ালৰ ধান ভঁড়ালতে এন্দুৰ, শলীয়া, চোৰ ডকাইতৰ ভোজ হল; বাড়ীৰ তামোল-পাণ জয়পাতেক্ষয় আৰু গাওঁ-ভুইত