পৃষ্ঠা:পদুম কুঁৱৰী.pdf/৯

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
প্ৰবেশ

লাহে লাহে ৰাজহংস-গতিৰে তেওঁ প্ৰথম প্ৰবেশ কাৰতহে তেওঁৰ ভাবৰ এই পৰিবৰ্ত্তন। এই পৰিবৰ্ত্তনে তেওঁৰ আগৰ গাখীৰ বৰণীয়া গালত সেন্দুৰ ঢালিলে, নিৰ্ম্মল চকুত প্ৰেমৰ জেউতি দিলে,লৱনুৰে ভৰা কোমল হিয়াত ভালপোৱা জুইৰ উত্তাপ দিলে, শৰীৰৰ অঙ্গ-প্ৰত্যঙ্গবিলাকত লাবণ্য, স্বাস্থ্য আৰু সৌন্দৰ্য্য ঢালিলে। মুঠতে পদুম এতিয়া হেজাৰ গুণে পদুমী হল।

 পদুমৰ ককায়েক ৰঘু। ৰঘু কুৰি বছৰীয়া উদ্ধত ডেকা; ডেকা-তেজৰ বলত বনৰীয়া ম'হ ফুৰাদি ফুৰে। মাক-বাপেকৰ কথালৈ বৰ কাণ দিয়া তেওঁৰ অভ্যাস নাই। কোনো এটা কাৰ্য্য ভবাতকৈ তেওঁ কৰাটো বৰ উজু পায়। তেওঁ দেখিবলৈ এক প্ৰকাৰ ধুনীয়াই বুলিব পাৰি, কেৱল বাঁও চকুটোত অলপমান ফুল পৰা দোষ আছে। দাঢ়ি গোফ খুটিয়াইছে, ভালকৈ গজি উঠা নাই। পদুমলৈ তেওঁৰ মৰম কিমান আছে কব নোৱাৰো (অধিক থাকিবৰে কথা), কিন্তু পদুমৰ ওপৰত হলে তেওঁ বৰ প্ৰভুত্ব চলাবলৈ বিচাৰি ফুৰে।