পৃষ্ঠা:পদুম কুঁৱৰী.pdf/১১

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
১১
পদুমৰ কি হৈছে?


মহাপ্ৰলয় উপস্থিত; চাৰি ফালে হাহাকাৰ! অৱশেষত প্ৰজাৰ আৰ্ত্তনাদৰ ধ্বনি পৰমেশ্বৰৰ সিংহাসন পালেগৈ। ঈশ্বৰৰ মন কুমলিল আৰু তেওঁৰ ইচ্ছামতে ইংৰাজ সিংহই নিৰ্ভয়-হাত দুখুনী আসামৰ ফালে দাঙ্গিলে। মহাৰাজ গেৰীনাথ সিংহ স্বৰ্গদেৱৰ প্ৰাৰ্থনা মতে মহামতি লৰ্ড কৰ্ণওৱালিচ, বাহাদুৰ গৱৰ্ণৰ জেনেৰেল চাহাবৰ আজ্ঞাত ১৭৯২ খ্ৰীষ্টাব্দত কাপ্তান ৱেলেচ চাহাব আসমলৈ আহি মোৱাঁ মৰীয়া বিদ্ৰোহ দমন কৰে। কিন্তু পৰ ৰাজ্যত হস্তক্ষেপ নকৰা নীতি প্ৰৱৰ্ত্তক গৱৰ্ণৰ জেনেৰেল স্য়াৰ জনস্য়োৰ বাহাদুৰ ভাৰতবৰ্ষৰ শাসন দণ্ড গ্ৰহণ কৰিলত ১৭৯৪ খ্ৰীষ্টাব্দত কাপ্তান চাহাব দুখুনী আসামৰ আকৌ দুখৰ এন্ধাৰ গাঁতত পেলাই কলিকতালৈ গুচি গল। ওৱে লেচ্ আসামলৈ অহাৰ অলপ আগেৰে দৰঙ্গৰ কৃষ্ণনাৰায়ণ ৰজাৰে সৈতে মিল হৈ হৰদত্তই মোৱাামৰীয়বিলাকৰ হাতৰ পৰা কামৰূপ ৰক্ষা কৰিবলৈ প্ৰাণপণে চেষ্টা কৰিছিল। তেওঁৰ প্ৰধান ইচ্ছা এইটো আছিল যে এই সুযোগতে ঢেকেৰী বিদ্বেষী অত্যাচাৰ আহোমবিলাকৰ হাতৰপৰা স্বদেশ উদ্ধাৰ কৰি সুশাসনৰ নিমিত্তে কোচবিহাৰৰ মহাৰাজক বা কৃষ্ণনাৰায়ণ ৰজাক দিলে নাইবা তেওঁ নিজে ৰাখে। পাছে কাপ্তান চাহাব আহি কৃষ্ণনাৰায়ক গৈ ৮০০০্ টকা কৰ বছৰি তেওঁ আহোম ৰজাক দিবলৈ নিৰ্ব্বন হৰি সন্ধি কৰাই দিলত হৰদত্তই, পেক ছিগি কিছুদিন নিমিত্তে শান্ত ভাব ধাৰণ কৰিলে। কিন্তু ঢেকেৰী মানুহৰ প্ৰতি আহোমবিলাকৰ তুচ্ছ-তাচ্ছিল্যভাৱ,অমানুষিক ঘৃণা, অতি কুৎসি ব্যৱহাৰ-বিষে তেওঁৰ অন্তৰ বিষাক্ত কৰি থৈছিল। তেওঁৰ নিচিনা উন্নতমনা আৰু স্বদেশপ্ৰেমী লোকৰ পক্ষে আপোন দেশৰ লো আৰু জাতি, কুটুম্ব প্ৰভৃতিৰ লাঞ্চনা নিজ চকুৰ আগত দীৰ্ঘকাল চা