কোনাে দোষৰ কথা নহয়। অভিযানেই শব্দৰ ভঁৰাল আৰু বান্ধনি আমাৰ ভাষাত মােৰ নথকা বাবে অনেক লােকে অনেক সময়ত শব্দৰ অৰ্থ আৰু ব্যৱহাৰৰ উৱাদিহ নাপাই মনত দুখ পাই আছিল, “হে-কোষ” ওলাই লােকৰ সেই নাটনি আঁতলে কিন্তু অৱস্থা অনুসৰি সকলােৱেতাক ব্যৱহাৰলৈ আনিব নােৱৰা গতিকে সেইঅভাবৰ গুৰি উঘলানহৈছিল; সম্প্রতি এই “পঢ়াশলীয়া অভিধান”খনিয়েবহুত সেইঅভাব দূৰ কৰিব; এনে আশাকৰিছে। এই বিষয়ে গ্রহকর্তাই এই “হেম-কোষপাতনিত উল্লেখ কৰি গৈছে। এতিয়া বিনীত ভাবেৰে ভাৰসা কৰোঁ যেন, অসমীয়া শিক্ষাৰ গৰাকী সকলে পঢ়াশলীয়া সাহিত্য পুথিবিলাকৰ মনেৰে সজা অর্থ-পুস্তক বিলাক গুচাই এই অভিযান চাই হাতৰ বিলাকক শিকাবলৈ পঢ়াশলীৰ ওজা সকলৰ প্ৰতি আদেশ দিয়ে; সেয়ে হলে, ভাষাৰ সানমিহলি গুচি দেশতখাচ অসমীয়া ভাষা প্রচলিত হৰ পাৰিব। আৰু জনাও যে, আমি বহুত পৰিশ্ৰম কৰিপুৰণি পদ-পুথিৰ আৰু দেশত চলিত ‘হে-কোষত নােপােৱা কিছুমান শব্দ গােটাই “এৰা ৰােটল শব্দ” বুলি অভিধানৰ তলত লেখি দিছে; দ্বিতীয় তাণৰ সময়ত সেই শব্দৰিলাক পুথিৰ গর্ভৰ আপােন আপােন ঠাইত সুমুৱাই দিয়া হল। “পঢ়াশলীয়া অভিধান” প্রকাশৰ নিমিত্তে “শিৱসাগৰ অসমীয়া ভাষা উন্নতি সাধিনী সভাই আমাক বিশেষ উদ্যোগ আৰু সাহস দিছিল; এই বাৰে সেই সভাৰ প্রতি কৃতজ্ঞতা স্বীকাৰ কৰিলোঁ। নিচেই শেহত, এই অভিধানহপাৰ সম্বন্ধে মােৰ জ্যেষ্ঠ পুত্ৰীমান আনন্দৰাম বৰুৱাই পাৰগৰ সহিত প্র সংশােধনাদি লেখা-পঢ়াৰ সমুদায় ভাৰ নিজে বহন কৰিলে, তাতে মােৰ বহুত পশ্রিম আৰু ব্যয়ৰ লাঘব হ্ন; এই নিমিত্তে মই সস্নেহ হৃদয়েৰে তেওঁৰ প্ৰতিও নথৈ শলাগ ললোঁ। শিৱসাগৰ, শ্রীতুলসীৰাম বৰুৱা। ২০ গুহ, ১৮২৮
পৃষ্ঠা:পঢ়াশলীয়া অভিধান.djvu/৬
অৱয়ব