পৃষ্ঠা:পঢ়াশলীয়া অভিধান.djvu/৫

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

জাননী


 স্বর্গীয় হেমচন্দ্ৰ বৰুৱাই তিনিখনি অসমীয়া ভাষাৰ অভিধান পুথি প্রণীত কৰি যায়। সেই পুথি কেই খনি প্ৰচাৰ হােৱাৰ পূৰ্ব্বে তেওঁ কালৰ মুখত পৰি (১৮১৮ শঁকৰ ১৭ বহাগত) পৰলােক প্রাপ্ত হল। তেওঁৰ সব ডাঙ্গৰ অভিধান “হেম-কোষ” আসাম গভর্ণমেন্টে আগ্রহ কৰা দেখি প্ৰথমবাৰ প্ৰচাৰৰ ভাৰ গভর্ণমেণ্টৰ হাতত সমর্পণ কৰা হল। দ্বিতীয় "সংক্ষিপ্ত হেম-কোষ” যাৰ নাম “হেম-কোষৰ পাতনিত উল্লেখ কৰা আছে তাক আমি দেখিবলৈ নাপালোঁ, তেওঁৰ পৰলােকৰ পাচত পুথি হেৰাল। তৃতীয় "পঢ়াশালীয়া অভিধান” খনি আমি এতিয়া যাক প্ৰচাৰ কৰিছোঁ ইয়াক প্ৰকাশ কৰিবৰ নিমিত্তে গ্রন্থকৰ্ত্তাই “শিৱসাগৰ অসমীয়া ভাষাৰ উন্নতি সাধিনী" সভাত সমর্পণ কৰিছিল। কিন্তু সভাই সেই ভাৰ আমাৰ হাতত অৰ্পণ কৰি দিলে। আমিও ছাপা কৰিবলৈ দেশত যি অলপ ছাপা-যন্ত্ৰালয় আছিল তাত চেষ্টা কৰি সুকলমে কাৰ্য্য কৰিবৰ আশা নেদেখি, শেহত শ্ৰীযুত শিবনাথ ভট্টাচাৰ্য্য মহাশয়ৰ উদ্যোগেৰে ১৯০৩ সনৰ নবেম্বৰ মাহত পুথিখনি কলিকতাৰ সঞ্জীবনী যন্ত্ৰালয়লৈ পঠোৱা হল। তেওঁলােকে এই পুথি ছাপা কৰোঁতে বিস্তৰ সময় নিয়ালে, সেয়ে নােহােৱাহলে পুথি কেতিয়াবাই পাঠসকলৰ আগত ওলাই দেখা দিলে হেঁতেন।
 “পঢ়াশলীয়া অভিধান” খনি কেৱল পঢ়াশালীৰ শিক্ষকসকলৰ নিমিত্তেই যে উপযােগী হৈছে; এনে নহয়। অনেক লােকে অনেক সময়ত ইয়াৰ উপকাৰ অনুমান কৰিব পাৰিব। অসমীয়া ভাষাৰ অভিধান গ্রন্থকৰ্ত্তাৰ প্ৰথম ক্রিয়া তাতে আৰু বিদেশত ছাপা হােৱা বাবেই যে সৰ্বাঙ্গ সুন্দৰ, আৰু নিৰ্দ্দোষ হৈছে; এনেকৈ বুলি কব পৰা নহয়। অসমীয়া ভাষাৰ প্রিয় বন্ধুসকলে অনুগ্ৰহ কৰি সংশােধনৰ অর্থে দোষ জনালে আমি বিশেষ উপকাৰ অনুমান কৰিম আৰু দ্বিতীয় বাৰ ছাপাৰ সময়ত দোষ বিলাক শােধন কৰিও দিম।
 অসমীয়া ভাষাত বহুত সংস্কৃত শব্দৰ ভগা আৰ্হিৰ আৰু প্রকৃত সংস্কৃত শব্দৰ ব্যৱহাৰো আছে, আৰু যেতিয়া স্বদেশী ভাষা উজ্জ্বলিত কৰাই অসমীয়া শিক্ষিত 'লােকসকলৰ মনৰ ভাব; এনেকুৱাত অসমীয়া ভাষাৰ পুথি আদিৰ ৰচনা বিলাকত দেশী ভাষা থকাতাে বেগতে মনত ওলােৱা বিদেশী ভাষাৰ শব্দবিলাক ব্যৱহাৰ কৰা যুগুত নহয়, নহলে অসমীয়া শব্দৰ নাটনি ঠাই পুৰাবলৈ সংস্কৃত শব্দ ব্যৱহাৰ কৰা