পৃষ্ঠা:পচতি.djvu/৪৩

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৪১
পচতি।

আজোৰন্তে লৰে অতি কুণ্ডল কঙ্কন।
পুত্ৰৰ স্নেহত স্ৰৱে কম্পে দুয়ো স্তন॥
খসি খসি পৰে সব খোপাৰ মালতী।
ঘামিল বদন ভাগৰিল মহা সতী॥৩॥
কৃষ্ণে সেহিবেলা জননীৰ প্ৰীতি সাধি।
মথনিত ধৰি মথিবাক নেদে দধি॥
দেখি কোলে লই সতী পিয়ালন্ত স্তন।
আনন্দে পুত্ৰৰ চান্ত প্ৰসন্ন বদন॥৪॥
অনন্তৰে দেখন্ত উতলি দুধ পৰে।
পুত্ৰক এৰিয়া সতী গৈলন্ত লৱৰে॥
স্তন পিবে নপাই কোপিল দামোদৰ।
কামোৰন্ত দন্তে অতি অৰুণ অধৰ॥৫॥
কপটে কান্দন্ত নয়নৰ পৰে পানী।
ভাঙ্গিলা মথনি মাঠি পটাগুটি হানি॥
ভুঞ্জে নৱনীত হৰি কোপে পশি খুপি।
দুধক নমাই আসি দেখে পাছে গোপী॥৬॥
ভাঙ্গি আছে দৈৰ হাণ্ডি নলৱে বিপত্তি।
পুত্ৰৰ জানিয়া কৰ্ম্ম হাঁসিলন্ত সতী॥
কৃষ্ণক নেদেখি তৈত চাই ফুৰে পাছে।
দেখন্ত খুপিত উৰলত বসি আছে॥৭॥
শঙ্কিত নয়নে নৱনীত চুৰি কৰে।
পেলাই দেয় খায় সব পোষণ বানৰে॥