পৃষ্ঠা:পচতি.djvu/৪২

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

৫ম আধ্যা।

দধি-মথন।

⸻⸻

দিহা

(এ) দধি মথে, হে মথে দধি মথিবাৰ
মন। কোলাত চাৱাল কান্দে তাকো
নেদে স্তন॥

পদ।

পৰীক্ষিত ৰাজাত কহন্ত শুকমুনি।
দিনেক যশোদা নাৰী নন্দৰ ঘৰণী॥
ভিন্ন ভিন্ন কাৰ্য্যে নিয়োজিল সব দাসী।
মথিবাক লাগিলা আপুনি দধি আসি॥১॥
সুমৰি কৃষ্ণৰ সব বালক চৰিত।
দধিক মথন্তে যশোদায়ে গাৱে গীত॥
ক্ষৌম বস্ত্ৰ প্ৰকাশে নিতম্ব কৃশ কটি।
সোনাৰ মেখলা তাত বান্ধি আছে অতি॥২॥