পৃষ্ঠা:পচতি.djvu/৪৪

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৪২
পচতি।

হেন দেখি যশোদা হাতত লৈল বাৰি।
জুপি জুপি যান্ত পিপৰাৰো নাই সাৰি॥৮॥
মাৰিবে আসন্ত মাৱে দেখি কৃষ্ণ ডৰে।
দিলন্ত লৱৰ ভিৰে নামি উৰলৰে॥
পাছে পাছে যশোদা পুত্ৰক নেন্ত খেদি।
ভয়ে যেন পলান্ত মাৱক লাগ নেদি॥৯॥
যোগী যাক নপান্ত নিৰ্ম্মল মনে সদা।
হেন মাধৱক খেদি ফুৰন্ত যশোদা॥
শ্ৰোণি ভৰে শিথিল কৰিলে তান গতি।
সুলকিল খোপা খসি পৰিল মালতী॥১০॥
পলাবে নপাৰি যেন কৃষ্ণ আছা ৰই।
কান্দন্ত কপটে দুয়ো হাতে আখি মই।
তবধ নয়নে চান্ত মাৱক ভয়ত।
লগ পাই আসি সতী ধৰিল হাতত॥১১॥
খাবো তোৰ মুণ্ড পুতাই আজি যাইবি কই।
হাণ্ডি ভাঙ্গি সমস্ত কৰিলি নাশ দই॥
ভয়ত কৃষ্ণৰ যেন তনু তৰতৰ।
দেখিয়া যশোদা বাৰি এবিলা হাতৰ॥১২॥

⸻⸻