পৃষ্ঠা:পচতি.djvu/৪১

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৩৯
পচতি।

যশোদা ৰোহিণী পূতনাৰ ৰূপ চাই।
বাধিবে নোৱাৰি ভৈল তবধ পৰায়॥
শিশুক মাৰিতে নিশাচৰীৰ যতন।
কৃষ্ণৰ মুখত দিলে বিষযুত স্তন॥৯॥
আটি ধৰি হৰি কোপে মুখে হুপিলন্ত।
স্তনে সমন্বিতে তাইৰ প্ৰাণ শুষিলন্ত॥
হাতে হেম্পছিয়া মৰ্ম্মছেদ পীড়া পাই।
এৰ এৰ বুলি অভি পিশাচী চেঞ্চায়॥১০॥
ঘামিল শৰীৰ আছাৰয় হাত ভৰি।
চক্ষু ওলোটাই কান্দে ঘোৰ নিশাচৰ॥
মৰোঁ মৰোঁ বুলি ঘোৰ ত্যজিলে আটাস।
ত্ৰৈলোক্যৰ লোকৰ মিলিল মহা ত্ৰাস॥১১॥
স্বৰ্গ মৰ্ত্ত্য পাতাল একত্ৰ হুয়া লৰে।
ভুঁই গৈল সৰ্ব্বলোকে বোলে বজ্ৰ পৰে॥
স্তনৰ পীড়াত তাইৰ হৰিল চেতনা।
বেন্ত বাই নিজ ৰূপে পৰিল পূতনা॥১২॥
মাৰিবাক দিলা স্তন ঘোৰ নিশাচৰী।
তাইকো জননীৰ গতি দিলা দেৱহৰি॥
সমস্ত শাস্ত্ৰৰ ইসি পৰম যুকুতি।
বোলা ৰাম ৰাম পাইবা হাততে মুকুতি॥১৩॥