লোকত প্ৰমাদ মিলিব”। এহি গৰ্গ মুনিৰ বাক্য শুনিয়া নন্দে বোলে:—“ওহে মুনিৰাজ! আমাৰ অভ্যন্তৰে প্ৰবেশহ, জ্ঞাতিবৰ্গ কেহো নজানিব, দুই তনয়ৰ জাত-কৰ্ম্ম কৰাহা।” নিৰন্তৰে হৰি ৰাম হৰি ৰাম॥
গৰগে বোল ভগৱন্ত কিনো ভাগ্যোদয় মিলিলন্ত
আজি সুপ্ৰভাতে পুহাইল ইতো ৰজনী।
নন্দ ঘৰে বহু মান্য পাইবো পিঠা লাৰু অন্ন বহু খাইবো
লহ লহ কৰি জিহ্বাৰ পৰয় পানী॥
হাতত লাখুটি মালা গুটি কাযন্তে হৃদয় যায় ফুটি
হাতে তাৰু বাৰি লই যান্ত ধীৰে ধীৰে।
মুণ্ড ভৈল তাৰ লৰবৰ দাৰি গোকে তাৰ ভোবোকাৰ
চলিবে লাগিল দীঘল দন্ত প্ৰকাশি॥
ওহে সমাজিক লোক! অনন্তৰে গৰ্গ গৈয়া অভ্যন্তৰে প্ৰবেশ হইয়া যে নাম থৈলাহা তাহাক দেখহ, শুনহ, নিৰন্তৰে হৰি ৰাম হৰি ৰাম॥
লোহিত নয়ন, আদি সত্যত শুক্ল বৰ্ণ চতুৰ্ব্বাহু, হিৰণ্যকেশ বেদমূৰ্ত্তি দ্বাপৰত দুৰ্ব্বাদল শ্যাম দ্বিবাহু, কলিত কৃষ্ণ বৰ্ণ দ্বিবাহু, পূৰ্ণৰূপ সৰ্ব্বানন্দ, বসুদেৱ তনয় পদে বাসুদেৱ নাম ভৈলাহা, ৰা পদে ৰামদেৱ নাম ভৈলাহা। ওহি তনয়ক যত্নে ৰক্ষা কৰিবাহা, তাহাৰ কল্যাণ সাধিবাহা, নিৰন্তৰে হৰি ৰাম হৰি ৰাম॥