সমললৈ যাওক

পৃষ্ঠা:পচতি.djvu/৩০

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
২৮
পচতি।

গীত।

চলিলন্ত গৰ্গ মুনি (এ) কপালে দীৰ্ঘ
ফোট (হে ৰাম ৰাম কপালে দীৰ্ঘ
ফোট)। হাতত কৰণ্ঠিমালা শিৰে
জটাজুট (হে) ॥

পদ।

মুখে গোবিন্দৰ গুণ সঘনে উচ্ছৰে।
শ্ৰুক-শ্ৰুব দুই হস্তে ধৰি মুনিবৰে॥
গলে অক্ষমালা জ্বলে স্কন্ধে যজ্ঞসূত।
পৰম পণ্ডিত দ্বিজ নিজ কৰ্ম্মে ৰত॥
স্বৰ্গে বৃহস্পতি যেন বিদ্যাৰ সাগৰ।
দয়াৱন্ত মহাযশী জ্যোতিষেৰ ভাণ্ডাৰ॥
তাহাৰ মহিমা কিবা বৰ্ণাইবোহোঁ ঐত।
শঙ্কৰে ৰচিলা পদ শুনা অবিৰত॥

সূত্ৰ।

 অনন্তৰে গৰ্গক দেখিয়া নন্দে বোলেঃ-“ওহে মুনিৰাজ! তুমি জ্যোতিষক জানাহা, বেদতো পাৰ্গত; আমাৰ পুত্ৰ দুহান্তৰ জাত-কৰ্ম্ম কৰাহা”। এহি নন্দ বাক্য শুনিয়া গৰ্গে বোলেঃ—“ওহে মহাৰাজ! আমি জ্যোতিষক জানোহোঁ, বেদতো পাৰ্গত; তোমাৰ পুত্ৰ দুহান্তৰ জাত-কৰ্ম্ম কৰোহোঁ। যেবে অপুনি সবাকো জানাহা,