পৃষ্ঠা:পচতি.djvu/৩২

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৩০
পচতি


গীত।

গৰগ আসিলা গণনা পাতিলা
(এহাৰে কৃষ্ণএ) পাতিলা সুবৰ্ণ দুনি।
(ও ৰাম দৈৱকী-নন্দন কৃষ্ণএ)॥

এক নাম থৈলা  ৰাম দামোদৰ
 আৰু নাম চক্ৰপাণি॥১॥
জয় জয় জয়  পৰম মঙ্গল
 জয় বাসুদেৱ ৰাম।
জয় নন্দ-সুত  কৰ্ম্ম অদভুত
 চৰণে কৰোঁ প্ৰণাম॥২॥
জয় যদুপতি  কৃষ্ণ মোৰ গতি
 তব পদে হৌক গতি।
মুকুন্দ মুৰাৰি  গোবৰ্দ্ধনধাৰী
 মাগোহোঁ নিষ্ট ভকতি॥৩॥
গোপাল গোবিন্দ  প্ৰভু দেৱ মুকুন্দ
 বিভূ প্ৰভু পদ্মপানি॥
পদ সুবলিত  মাধৱ পণ্ডিত
 বৰ্ণাইলা হৃদয়ে জানি॥৪॥
মৎস্য অৱতাৰ   জলৰ ভিতৰ
 মহা মীন ৰূপ ধৰি॥