পৃষ্ঠা:পচতি.djvu/২৯

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
২৭
পচতি।



বৈকুণ্ঠ বাসীৰ লাগিলেক হুলস্থূল।
গৃহৰ বজাইলা সবে কৰিয়া আন্দোল॥
আপোন ৰূপত আছে দেৱ নাৰায়ণ।
ভক্ত সমন্বিতে তৈতে কৰে আলোচন॥
দেৱগণে স্থানে স্থানে জন্ম ধৰিয়োক।
পাৰিষদগণ মোৰ লগত আসোক॥
এহি বুলি পঞ্চ স্বৰে শবদ কৰিলা।
সেহি শব্দে শাৰঙ্গ যে ৰাগ উপজিলা।
উপজিয়া ৰাগে পাচে স্তুতি কৰিবাক লৈল।
মন্ত্ৰণা কৰিয়া সবে বুলিবাক লৈল॥
ৰাগে সমে মালিতা শুনয় সৰ্ব্বকালে।
অক্ষয় পুণ্যক সাঞ্চে এহি ৰবিতলে॥
পাপ নাশ পুণ্যোদয় হোৱে অভ্যুদয়।
পুত্ৰে পৌত্ৰে ধনে জনে তাহাক নেৰয়॥
শ্ৰীযুক্ত হৈয়া সবে বোলা জয় জয়।
পৰম মঙ্গল্য দেৱ কৃষ্ণ কৃপাময়॥

সূত্ৰ।

 ওহে সমাজিক লোক! তদনন্তৰে সৰ্ব্ব যাদৱৰ গৰ্গ নামে পুৰোহিত ভৈলাহা; বসুদেৱৰ আজ্ঞায়ে নন্দৰ মন্দিৰে চলিতে ভৈলাহা। তাহাক দেখহ, শুনহ, নিৰন্তৰে হৰি ৰাম হৰি ৰাম॥