পৃষ্ঠা:পচতি.djvu/১৭

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১৫
পচতি।

দুৰ্ঘোৰ কংসৰ ভয়ে তনু কম্পমান।
ভকতৰ ভয়হাৰী কৰা পৰিত্ৰাণ॥
তোমাক নজানে যেনমতে কংস পাপ।
ইটো দিব্য ৰূপ আবে সম্বৰিয়ো বাপ॥২২॥
তোমাকেসে লাগি উদবেগ কৰে মন।
শঙ্খ চক্ৰ গদা পদ্ম ঢাকা নাৰায়ণ॥
কংস ভয়ে কম্পে মোৰ অজ্ঞানীৰ বুক।
এতেক বুলিয়া ভৈল দৈৱকী নিচুক॥২৩॥
হেন শুনি হাঁসি মাতিলন্ত চক্ৰপাণি।
উপৰি জন্মৰ কথা শুনা দুয়ো প্ৰাণী॥
পূৰ্ব্বত আছিলা তুমি পৃশ্নী নামে সতী।
বসুদেৱ আছিল সুতপা প্ৰজাপতি॥২৪॥
সৃষ্টি কৰিবাক ব্ৰহ্মা দুইকো আদেশিলা।
দেখি দুয়ো প্ৰাণী ঘোৰ তপ আচৰিলা॥
সহিলাহা হীম মহা ৰৌদ্ৰ বৃষ্টি বাত।
বায়ু ভক্ষি থাকা কতো ভুঞ্জি পকাপাত॥২৫॥
আৰাধিলা মোক তপ কৰি আশৰীশ।
বহি গৈলা দিব্য বাঢ় হাজাৰ বৰিষ॥
এইৰূপে দেখা দিয়া বোলোঁ লোৱা বৰ।
বোলাহা পুত্ৰেক হোক তযু সমসৰ॥২৬॥
এহি হোক বুলি ময়ো গৈলোঁ বৰ দিয়া।
নুখুজিলা মোক্ষ মোত মোহিলেক মায়া॥