পৃষ্ঠা:পচতি.djvu/১৮

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১৬
পচতি।

লোকত নেদেখি মোৰ সমৰূপ গুণী।
পৃশ্নিগৰ্ব্ভ নামে পুত্ৰ ভৈলোহোঁ আপুনি॥২৭॥
অদিতি কশ্যপ পাছে ভৈলা তোৰা দুই।
সিজন্মতো জন্মিলে বামন পুত্ৰ হুই॥
তৃতীয় জন্মত আবে নিজৰূপ ধৰি।
উপজিলোঁ তোমাত সত্যক ৰক্ষা কৰি॥২৮॥

 
⸻⸻
 
দিহা

দৈৱকী আই!

থৈয়ো নিয়া গোকুলত মোক পলুৱাই।

পদ।

এইৰূপে চিন্তা নুহি কৰা পুত্ৰ স্নেহ।
ইজন্মে অৱশ্যে মোক্ষ পাইবা এৰি দেহ॥
কংসক শঙ্কিয়ো যেবে শুনিয়ো উপায়।
থৈয়ো নিয়া গোকুলত মোক পলুৱাই॥২৯॥
উপজিব যোগমায়া যশোদাৰ ঘৰে।
মোক থৈয়া তাঙ্ক লৈয়া আসিয়ো সত্বৰে॥
এহি বুলি দুই হন্তকো বিষ্ণু ভৈলা চুপ।
দুই হন্তৰ আগত ভৈলন্ত শিশুৰূপ॥৩০॥