পৃষ্ঠা:পচতি.djvu/১৬

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১৪
পচতি।

তুমি উপজিবা শুনি আকাশী বচন।
পাপী কংসে মাৰিলে তোমাৰ ভ্ৰাতৃগণ॥
তোমাৰ কথাক এতিক্ষণে পাইবে জান।
খাণ্ডা ধৰি ধাইলা কংস অন্তক সমান॥১৭॥
সাৱধানে থাকা প্ৰভু হুয়া সচকিত।
পাপিষ্ঠক ডৰে মোৰ থিৰ নোহে চিত্ত॥
এহি বুলি বসুদেৱ মৌন হুয়া আছে।
দৈৱকীয়ো পুত্ৰ মুখ দেখিলন্ত পাছে॥১৮॥

⸻⸻

মহা পুৰুষৰ চিহ্ন দেখি মহা সতী।
পৰিস্তুতি কৰন্ত বিস্ময় হুয়া অতি॥
যিটো ব্ৰহ্ম ৰূপ নিৰাকাৰ নিৰঞ্জন।
তেন্তে তুমি জানিলোঁ সাক্ষাতে নাৰায়ণ॥১৯॥
একো থানে মনুষ্যে মৃত্যুৰ নেৰায় হাত।
নকৰে ভকতি যেবে মাধৱ তোমাত॥
তোমাৰ পাৱত যেবে লৈবেক আশ্ৰয়।
তেবে সুস্থ হুয়া থাকে পৰম নিৰ্ভয়॥২০॥
যেবে নষ্ট ভৈল লোক মহা প্ৰলয়ত।
তুমি মাত্ৰ অৱশেষ থাকাহা অন্তত॥
দুনাই কালৰূপ হুয়া নাৰায়ণ।
তোমাৰ চৰণে আবে লৈলোহোঁ শৰণ॥২১॥