পৃষ্ঠা:পখিলা.pdf/৯

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
পখিলা


 নাম-মাহাত্ম্যৰ বিষয়ে ইজিপ্তীয় পুৰাণত এটি সাধুকথা আছে। সৃষ্টিৰ পাতনিত কেৱল পানীহে আছিল আৰু সেই পানী জগৎপিতা ৰা’-দেৱতা আছিল। ৰা’-দেৱতাই আদেশ দিলে আৰু সেইমতে পৃথিৱী আৰু আকাশৰ সৃষ্টি হ’ল। ক্ৰমে ৰা’-দেৱতাই সকলো জীৱ-জন্তু সৃষ্টি কৰিলে।

 ৰা-দেৱতাৰ বহুত নাম আছিল। তাৰ ভিতৰত এটি গুপুত নাম আছিল যাৰ বলত তেওঁ সকলো ঐশ্বৰ্য আৰু মহিমা দেখুৱাইছিল। এই গুপুত নাম দেও, ভুত, মানুহ কোনেও নেজানিছিল। আইচিচ নামে এজনী দেৱী আছিল। ৰা-দেৱতাৰ মহিমা দেখি তেওঁৰ ঈৰ্ষা উপজিল। ৰা’-দেৱতাৰ দৰে তেৱোঁ ঐশ্বৰ্যশালিনী হ’ব খোজে।

 আইচিচ দেৱী যাদুকৰী আছিল। তেওঁ যাদুকৰী শক্তিৰে অলৌকিক ঘটনা ঘটাব পাৰিছিল। তেওঁৰ উদ্দাম বাসনা জাগিল কেনেকৈ ৰা’-দেৱতাৰ গুপুত নামটো জানিব পাৰে। এই গুপুত নাম ৰা’-দেৱতাত বাদে কোনেও নেজানিছিল। আইচিচে ছল-ছেগ চাই থাকে। এদিনাখন ৰা’-দেৱতাই সিংহাসনত বহি বিশ্বৰ ঘটনাৰ ওপৰত ৰায় জাৰি কৰি আছে। কথা কওঁতে কওঁতে ৰা’-দেৱতাৰ মুখৰ পৰা থু ওলাইছে। ৰা’-ই সেই থু সিংহাসনৰ তলত মাটিত পেলালে। সভা ভঙ্গ হোৱাত আইচিচে থু পৰা মাটিখিনি বুটলি ল’লে। সেই মাটিখিনি মাৰি লৈ তেওঁ যাঠি এপাট সাজিলে। পিছত যাঠিপাট জুইত পুৰিলে। জুইৰ সেকত যাঠিপাঠ বিষধৰ সৰ্প হ’ল। আইচিচে সেই সাপডাল ৰা’-দেৱতাই সচৰাচৰ অহা-যোৱা কৰা বাটত থৈ দিলে। আইচিচত বাজে কোনেও সাপডাল নেদেখে।

 এদিনাখন ৰা’-ই অনুচৰসকল লগত লৈ বাটত টহল দিছে। হঠাৎ ভৰিত সাপে খুঁটিলে। বিহু বিয়পি গাত জুই জ্বলাদি জাগি উঠিল। ৰা’-ই পোৰণিত চিঞৰিব ধৰিলে। বিশ্বব্ৰহ্মাও ভেদি চিঞৰণিৰ খলক উঠিল।

 মৃত্যু-যন্ত্ৰণাত ৰা’-দেৱতাই নিজৰ ল’ৰা-ছোৱালীবোৰক ওচৰলৈ