পৃষ্ঠা:পখিলা.pdf/১০

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
নাম-মাহাত্ম্য


মাতিলে। লগতে আইচিচো গ’ল। আইচিচে ক’লে, “বিশ্বপিতা, তোমাৰ গুপুত নাম যদি মোক কোৱা, তোমাৰ নামৰ বলেৰে তোমাৰ পোৰণি বিহ নাইকিয়া কৰিব পাৰো।”

 ৰা’-দেৱতাই আইচিচৰ কথাত আছাট-বিছাট কৰিলে। গুপুত নাম দিবৰ ইচ্ছা নাই। আন সহস্ৰ নামৰ ভিতৰত কেইটিমান ক’লে, “মোৰ তিনিটা নাম, পুৱা বেলিকা খেপেৰা, দুপৰীয়া ৰা’ আৰু সন্ধিয়া টুম।” আইচিচে বুজিছে যে দেৱতাই আচল গুপুত নামটো কোৱা নাই। তথাপি আনক দেখুৱাবলৈ এই তিনিটা নামেৰেই জাৰিলে। কিন্তু মন্ত্ৰ নেফাঁপে। আইচিচে, ক’লে, “পিতৃ দেৱতা, আপুনি শক্তিশালী গুপুত নাম প্ৰকাশ কৰা নাই। সেই নামেৰে জাৰিলেহে আপোনাৰ বিহ নামিব।” দেৱতাৰ গাত বন পোৰা জুইৰ দৰে বিহ ছানি উঠিল। পোৰণিত তত নেপাই ৰা’-ই উচ্চাৰণ কৰিলে, “মোৰ গুপুত নাম মোৰ অন্তৰৰপৰা গৈ, আইচিচৰ অন্তৰত উদয় হ’ক।” ইচ্ছা প্ৰকাশ কৰা মাত্ৰকে ৰা’-দেৱতাৰ অন্তৰ্দ্ধান হ’ল। বিশ্বব্যাপী এন্ধাৰ নামিল। সেই এন্ধাৰত আইচিচৰ মনত ৰা’-দেৱতাৰ গুপুত নামৰ উদয় হ’ল।

 আইচিচে সেই নামক উদ্দেশ্য কৰি মন্ত্ৰ মাতিবলৈ ধৰিলে, “হেৰৌ বিহ, তই ৰা’-ৰ গাৰপৰা আঁতৰি যা। তেওঁৰ কলিজাৰপৰা, তেওঁৰ তেজৰপৰা—মুখেৰে ফেনে-ফোটোকাৰে ওলাই আহ। মোৰ মন্ত্ৰ ফাঁপিছে, মই বিষধৰ সৰ্পক বধ কৰিছো। বিহ নামি আহি মাটিত ছিটিকি পৰিছে। ৰা’-দেৱতা বাচি উঠক, তেওঁৰ নাম মোৰ হৃদয়ত জাগি উঠিছে।”

 এনেতে ৰা’-দেৱতাৰ আবিৰ্ভাৱ হ'ল। শৰীৰত বিহ নাই, তেওঁ পূৰ্ণ জ্যোতিৰে বিদ্যমান!