পৃষ্ঠা:পখিলা.pdf/৮

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

নাম-মাহাত্ম্য

 হিন্দুসকলৰ মাজত নাম-ধৰ্ম আছে। কেৱল ঈশ্বৰৰ নাম জপ কৰিলেই ঈশ্বৰৰ ওচৰ চাপিব পৰা যায় বুলি বিশ্বাস এটি আছে। এইটো বিশ্বাস কেৱল ঈশ্বৰৰ নামতেই নহয়, মানুহৰ নিজা নামৰ বিষয়তো এই বিশ্বাস অনুসাৰে নিষ্ঠাবানসকলে কাম কৰে। নিষ্ঠাবান লোকে ল’ৰা-ছোৱালীৰ নামকৰণৰ সময়ত সিহঁতৰ দুটি নাম ৰাখে, এটি গুপুত নাম আৰু এটি প্ৰকাশ্য নাম। গুপুত নাম কেৱল জন্ম- সোঁৱৰণীতহে লিখা থাকে আৰু প্ৰকাশ্য নামেৰে সিহঁতক মতা হয়।

 মানুহৰ বিশ্বাস যে আচল গুপুত নামটো জানিলে, সেই নামৰ আলম লৈ তেওঁৰ বিৰুদ্ধে কুমন্ত্ৰ চলাব পাৰি। মৰা মানুহৰ নামত তৰ্পণ কৰিব লাগিলেও আচল নামটোৰ সহায়তহে তেওঁৰ নামত দান-দক্ষিণা দিব পাৰি। সেইদৰে দেও-ভূত আদিয়ে মানুহৰ গাত লম্ভিলে, ভূতৰ ওজাই দেও-ভূতৰ “জনম-জাতি” আৰু নাম উচ্চাৰণ কৰে। দেও-ভূতৰ নাম নেজানিলে সিহঁতক খেদিব নোৱাৰি।

 এই বিশ্বাস আন এটি আত্মিক বিশ্বাসৰ ওপৰত বৰ্তি আছে। সেইটে৷ হৈছে নামেই জীৱাত্মাৰ প্ৰতিকৃতি। নামেই আত্মা আৰু আত্মাই নাম। হিন্দুসকলে শব্দ-ব্ৰহ্মত বিশ্বাস কৰে। ব্ৰহ্ম (পৰমাত্মা) শব্দময় আৰু শব্দই (নামেই) ব্ৰহ্ম।

 এই বিশ্বাস পুৰণিকলীয়া আন আন সভ্য জাতিৰ ভিতৰতো আছিল। খৃষ্টিয়ান বাইবেলত আছে, “In the beginning there was the Word, the Word was God.” আদিতে কেৱল শব্দই আছিল, আৰু শব্দই ঈশ্বৰ।

 পুৰণি ইজিপ্তৰ মানুহৰ ভিতৰতো এই বিশ্বাস অতি প্ৰবল আছিল। তেওঁলোকৰ নামকৰণ পদ্ধতিও হিন্দুৰ দৰে আছিল। গুপুত নামক তেওঁলোকে “ৰাণ” (Ran) বুলিছিল।