পৃষ্ঠা:পখিলা.pdf/৭

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
পখিলা


 জগতত ডাঙৰ চানেকি, ডাঙৰ ভাব, ডাঙৰ কাম----এইবোৰেই ফুলৰ নিচিনা। সেইবোৰৰ সোৱাদ লোৱাত যদি মন বুৰাই ৰাখিব পাৰা, চাবা, তোমালোকৰ মনো সেই চানেকি, ভাৱ আৰু কামৰ অনুৰূপ তেজাল হ’ব। আমি বতাহত উৰি ফুৰো, তোমালোকে ভাৰত উৰি ফুৰিবা। আমি কেৱল মুগা, পাট আদি কাপোৰৰ উপাদানহে যোগাওঁ; তোমালোকৰ মনৰপৰা বহুমূলীয়া জ্ঞানৰ কাপোৰৰ দৰে অমূল্য গ্ৰন্থ, আৱিষ্কাৰ, উদ্ভাৱনাৰ নতুন কৌশল ওলাব।