পৃষ্ঠা:পখিলা.pdf/৫৯

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৫৪
পখিলা


 বাঃ—কিন্তু ল’ৰাক মৰাটো শাস্ত্ৰ-সঙ্গত।

 পুঃ—শাস্ত্ৰও মানুহেহে কৰিছে। ময়ে এখন নতুন শাস্ত্ৰ কৰিলো বা? গাহৰি, কুকুৰা আদিয়ে বাপেকক মাৰে। সিহঁতৰ আৰু আমাৰ ভেদ কি? সিহঁতে জানিবা কাউন্সিলত প্ৰস্তাৱ দাঙি নধৰে, আমি ধৰো, এইহে।

 বুঢ়া—তই যদি কুকুৰাৰ দৰে হৱ গেৰেকনি নোখোচৰ কিয়?

 ল’ৰা—সেই যুক্তি ইয়াত নাখাটে। চক্ৰেটিছে সেইটো নকয়।

 বাঃ—এদিনাখন তোৰ ল’ৰায়ো তোক মাৰিব।

 পুঃ—মোৰ ল’ৰা নহয় যদি?

 বাঃ—নহ’বও পাৰে। হাৰিলো!

 বুঢ়াই ভাবিলে, “অ’ এইখনহে হ’ল। চক্ৰেটিছে আমাক বঞ্চনাহে কৰিলে।” এইদৰে ভাবি বুঢ়াই বন্ধা চাকৰ সকলোকে মাতি লৈ অনুসন্ধান সমিতি আক্ৰমণ কৰিবলৈ ওলাল। বন্ধাহঁতে জখলা লগাই ছালত উঠি কুঠাৰেৰে ছাল ঘৈয়াব ধৰিলে। বুঢ়াই ঘৰৰ ভিতৰত জুই লগাই দিলে। চেলা এজনে কুঠাৰৰ ঘা শুনি মাত লগালে, “কোনে কি কৰে অ’?” “আমি মাৰলিৰে সৈতে যুক্তি কটাকটি কৰিছো।” “সেইটো আৰু কোন?” আন এজনে মাতিলে, “যাৰ জোতা, চোলা চুৰি কৰিছিলি।” “তোক কি লাগে?”—চক্ৰেটিছে সুধিলে। “মই বায়ু-মণ্ডলত বিচৰণ কৰো, সূৰ্যমণ্ডলত বিহাৰ কৰো।” বুঢ়াই ইতিকিং কৰিলে। চক্ৰেটিছে চিঞৰিব ধৰিলে, “ধোঁৱাত উশাহ নাপাওঁ, মৰিলো ঔ।” কেৰেফনে চিঞৰিলে, “জীয়ততে মৰিলো ঔ।” এনেতে ডাৱৰ দেৱতা আবিৰ্ভাৱ হৈ বুঢ়াক উছটাই ক’লে, “নেৰিবি ভালকৈ এসেক দে, তোৰ ইহঁতক মাৰিবৰ যথেষ্ট কাৰণ আছে, কিন্তু সকলোতকৈ ডাঙৰ কাৰণ হৈছে—ইহঁত দেৱ-দেৱী নমনা পাষণ্ড।”

 কোৱা আছে ৰঙ্গমঞ্চত যেতিয়া “ডাৱৰ” নাট অভিনীত হয়, জ্ঞানী চক্ৰেটিছে হেনো ৰংঘৰৰ এচুকত বহি নিৰ্বিকাৰ চিত্তে অভিনয় দেখিছিল।