এজন ধৰুৱা আহি পাঁচ শ ৰূপৰ দাবী কৰিলে। বুঢ়াই নিৰ্বিকাৰচিত্তে
উত্তৰ দিলে, সকলোৱে জানে তেওঁ ঘোঁৰা খেলৰ বিৰোধী,
কাজেই ঘোঁৰা কিনিবলৈ টকা অনা অসম্ভব। ধৰুৱাই দেৱতাৰ শপথ
লৈ ক’লে সিদিনাখন দিব বুলি টকা অনা সঁচা। দেৱতাৰ নামত বুঢ়াই
ইতিকিং কৰিবলৈ ধৰিলে, শেষত গৈ বুঢ়া ভিতৰ সোমাল আৰু ল’ৰাক
সুধি আহি ধৰুৱাক কিছুমান শব্দৰ লিঙ্গ নিৰ্ণয় কৰিব দিলে। ধৰুৱা
নিমাত! বুঢ়াই গৰ্জি উঠিল— যি মানুহে ব্যাকৰণৰ লিঙ্গ ঠিক কৰিব
নোৱাৰে সি আৰু ধাৰলৈ দিয়া টকা সাধিবলৈ আহে! আন এজন
ধৰুৱা আহিলত বুঢ়াই সুধিলে—“বৰষুণৰ পানী সদায় নতুন নে সূৰ্যই
বাৰে বাৰে একে পানীকে তুলি নিয়ে?” ধৰুৱাই ক’ব নোৱাৰে আৰু
শুনিব নোখোজে। বুঢ়াই ক’লে—“তেনেহ’লে এই টকা পাবৰ উপযুক্ত
নহয়।” ধৰুৱাই ক’লে— “আচল দিব নোৱাৰিলে সুতখিনিকেই
দিয়াহঁক।” বুঢ়াই মাত লগালে, “সুত! সি আকৌ কেনেকুৱা জন্তু?
ভাল, ক’চোন সাগৰ সদায় সমানে থাকে নে কেতিয়াবা ডাঙৰ হয়?”
ধৰুৱাই উত্তৰ দিলে, “বোধকৰো সদায় সমানে সমানে থাকে।”
“ইমানবোৰ নদী গৈ পৰিলেতো সাগৰ যদি ডাঙৰ নহ’ল, তোৰ টকানো
ইমান বেছি হয় কেনেকৈ?” এই বুলি বুঢ়াই ধৰুৱাক উলিয়াই দিলে।
এদিনাখন বাপেক-পুতেকৰ তৰ্ক হ’ল। বাপেকে কয়, আগৰদিনীয়া কবিসকলৰ কবিতা ভাল। পুতেকে কয়, নতুন কবিসকলৰ কবিতাহে ভাল। তৰ্কত তপত হৈ পুতেকে বাপেকক খুন্দা এটি মাৰিলে।
বাপেক—নিলাজ, সৰুতে তোক কিমান আদৰ-যত্ন কৰিছিলো; তাৰ ফল এইটোহেনে?”
পুতেক—সৰুতে মোক কেতিয়াও মৰা নাছিলনে?
বাপেক—মাৰিছিলো, তোৰ ভালৰ বাবে।
পুতেক –তেনেহ'লে আপোনাৰ ভালৰ বাবে মই মাৰিব নোৱাৰিম কিয়? নিজৰ কথাতেই প্ৰমাণ, মৰাটো হেনো ভাল বাবেহে! ল’ৰাক মৰা ভাল যদি বুঢ়াক মৰা আৰু ভাল, কিয়নো বুঢ়া ল’ৰাতকৈ দুগুণ অবুজ।