পৃষ্ঠা:পখিলা.pdf/৫৭

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৫২
পখিলা


 লঃ—সেই বলিয়াহঁতৰ কথা পতিয়ালে?

 বুঃ—ছি ছি, সেই প্ৰবীণ, জ্ঞানীসকলক গালি নাপাৰিবি। সিহঁত এনে মিতব্যয়ী, কেতিয়াও নখ চুলি নুখুৰায়, গা নোধোৱে। তই যা, সিহঁতে শিকাওঁ বোলা কথাখিনি শিকি আহগৈ।

 লঃ—প্ৰবীণেই হয়! সেই দেখিহে আপোনাৰ গাৰ চোলাটোও হেৰাল।

 বুঃ — হেৰোৱা নাই; মোৰ ভাবতেই উৰি গ’ল।

 লঃ—জোতা? কি হ’ল?

 বুঃ—লগা কামতেই খটাইছো।

 লঃ—বুজিছো। কেলেহুৱা ভিকহুহঁতে শৰণ দিয়া ছলেৰে জোতা কাপোৰ আঁতৰালে। সেইবোৰ বেচিহে এসাজ খাব। ভাল, যাব লাগে যাওঁ। এদিন কিন্তু ইয়াৰ বাবে আপুনি অনুতাপ কৰিব।

 ফিডিপিডিছ অনুসন্ধান সমিতিত ভৰ্তি হ’ল। ইফালে সুত উঠাই দিবৰ দিন ওচৰ চাপিল। বুঢ়াই ভাবিব ধৰিলে—“চাৰিদিন গ’লেই, তাৰ পিছৰ দিন! ভাবিবলৈকে ঘিণ লাগে। ধৰুৱাহঁতে শপথ কাঢ়িছে, আৰু সময় নিদিয়ে। মই কিমান বুজালো—“হেৰ, এভাগ পিছলৈ ল’বি, এভাগ এৰি দে, এভাগ নলওঁ বুলি ক’।”—নামানে, ল’ৰাই পোনক বেঁকা কৰা বিদ্যাটো সোনকালে শিকি আহিলে মোক আৰু পায় কোনে? যাওঁ এবাৰ অনুসন্ধান সমিতিলৈ, খবৰ লৈ আহো ল’ৰাই কিমান আগবাঢ়িছে।”

 বুঢ়া গ’ল। শিক্ষা সমাপন হোৱা বুলি বুঢ়াৰ লগতেই কৰ্তৃপক্ষই ল’ৰাকো পঠিয়াই দিলে। ল’ৰাৰ শেতা বেজীৰ দৰে দীঘলীয়া মুখ দেখি বুঢ়াৰ আনন্দ। ল’ৰাই তৰ্কবিদ্যা ভালকৈ আওৰাইছে। ধৰুৱাৰ হেঁচাৰ কথা কোৱাত ল’ৰাই অভয় দি ক’লে—“একো ভয় নাই। সিহঁতে যিদিনাখন সুত নিবলৈ আহে, পুৰাতন স্মৃতি মতে তাৰ নাম “নতুন পুৰণি” দিম। তাতেই তৰ্ক লাগিব।” বুঢ়ায়ো আশ্বাস পাই ঘৰ পালেগৈ।