তেনেহ’লে সেইটো এৰি আন এটি কথাত জাঁপ দি ধৰিবি।”
বুঃ—উঃ! উঃ!
ডাঃ—কি হ’ল?
বুঃ—তক্তাৰ ফাটৰ পৰা উৰহে কামুৰিছে।
চঃ—তই গৱেষণা কৰানেকি অ’?
বুঃ—কৰিছো।
চঃ— কি?
বুঃ—উৰহে ছালখন চালনীৰ দৰে কৰিবনে বুলি।
চঃ—কাপুৰুষ নহ’বি। কাপোৰখন ভালকৈ মেৰাই লৈ গৱেষণা কৰ।
বুঃ—(অলপ ৰৈ) অ’ চক্ৰেটিছ, সুত নিদিবলৈ বুদ্ধি এটি পাঙিছো।
চঃ—কেনেকৈ?
বুঃ—থেচেলী নগৰৰ পৰা তান্ত্ৰিক ভৈৰৱী এজনী পইছা দি আনিম। তাই মন্ত্ৰ মাতি আকাশৰ পৰা জোনটো নমাই আনিব আৰু মই বাকচত বন্ধ কৰি থম।
চঃ—লাভ?
বুঃ—কেলৈ? জোন যদি নুঠিল সুত দিব নালাগে।
চঃ—কিয়?
বুঃ—কৰাল মতে পহিলা জোনৰ দিনাখনহে সুত আদায় কৰি দিব লাগে।
চঃ—বাৰু পালো। কচোন, তোৰ বিৰুদ্ধে পঞ্চাশ টকাৰ দেৱানী এটা হ’ল। কেনেকৈ ডিক্ৰীৰ পৰা সাৰিবি?
বুঃ—কেনেকৈ? মনত খেলোৱা নাই, বাৰু গৱেষণা কৰো।
চঃ—তেল-শালিৰ গৰুৰ দৰে মনটো চাৰিওফালে ঘূৰিব নিদিবি। জৰি লগোৱা কাকতৰ চিলাৰ দৰে ওপৰলৈ উধাব দিবিচোন।
বুঃ—–খেলাইছে, দেৱানী জিকিবলৈ চোকা বুদ্ধি তিৰবিৰাইছে। বেজৰ দোকানত চকমকী কাঁচ দেখিব পোৱা, যাৰে জুই জ্বলায়?